অসম

assam

ETV Bharat / sukhibhava

মৃগী ৰোগ সজাগতা দিৱস ২০২২

প্ৰতিবছৰে মৃগী ৰোগৰ সজাগতাৰ বাবে ২৬ মাৰ্চত মৃগী ৰোগ সজাগতা দিৱস পালন কৰা হয় (Epilepsy Awareness Day 2022)। চিকিৎসকৰ মতে এতিয়াও সমাজত মৃগী ৰোগ সম্পৰ্কীয় বহু ভুল ধাৰণা আছে । প্ৰকৃততে চিজাৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু মৃগী ৰোগ প্ৰতিৰোধৰ বাবে ঔষধৰ প্ৰয়োজন । চিজাৰ-প্ৰতিৰোধী ঔষধে মৃগী ৰোগীৰ প্ৰতি ১০ গৰাকীৰ ভিতৰত প্ৰায় ৭ গৰাকীৰ ক্ষেত্ৰতে চিজাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

By

Published : Mar 26, 2022, 4:57 PM IST

Purple Day
মৃগী ৰোগ সজাগতা দিৱস ২০২২

মৃগী ৰোগ অথবা স্নায়ৱিক দুৰ্বলতা থকা লোকসকলে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে । কিন্তু চিকিৎসকৰ মতে তেওঁলোকৰ প্ৰতি সমাজৰ মনোভাৱে তেওঁলোকৰ জীৱন প্ৰভাৱিত কৰে । বাৰে বাৰে হোৱা চিজাৰৰ (Seizure) ফলত মৃগী ৰোগীসকলৰ আঘাত পোৱা, জুইয়ে পোৰা আৰু মৃত্যু হোৱাৰ আশংকা থাকে । তেওঁলোকক সমাজে অন্য দৃষ্টিৰে চোৱাৰ লগতে বৈষম্যমূলক ব্যৱহাৰ কৰা দেখা যায় ।

ইয়াৰ উপৰিও এই ৰোগত আক্ৰান্ত সকলে সম্পৰ্ক স্থাপন, শিক্ষা আৰু নিযুক্তিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে সংগ্ৰাম কৰিবলগীয়া হয় । অৱশ্যে, তেওঁলোকৰ প্ৰতি এক সহানুভূতিশীল দৃষ্টিভংগীয়ে তেওঁলোকক শক্তিশালী হৈ থকাত আৰু স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰিব পাৰে ।

মৃগী ৰোগ সম্পৰ্কীয় কিছুমান ভুল ধাৰণা (There are some misconceptions about epilepsy) সম্পৰ্কে মন্তব্য প্ৰকাশ চিকিৎসকসকলে । চিকিৎসকসকলৰ মতে সম্প্ৰতি দেশৰ স্বাস্থ্যসেৱাৰ অধিক উন্নয়ন হৈছে যাৰ ফলত ভৱিষ্যতে হ'বলগীয়া চিজাৰৰ সম্ভাৱনা উলিওৱাৰ লগতে তাৰ সমাধানৰ উপায়ো চিকিৎসাগতভাৱে সম্ভৱ হৈ উঠিছে । সেয়েহে এনেধৰণৰ সমস্যাৰ সৈতে মোকাবিলা কৰা এতিয়া সহজ হৈ পৰিছে । চিজাৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু মৃগী ৰোগ প্ৰতিৰোধৰ বাবে ঔষধৰ প্ৰয়োজন (Medicines are needed to prevent epilepsy)।

চিজাৰ-প্ৰতিৰোধী ঔষধে মৃগী ৰোগীৰ প্ৰতি ১০ গৰাকীৰ ভিতৰত প্ৰায় ৭ গৰাকীৰ ক্ষেত্ৰতে চিজাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । কিমছ চিকিৎসালয়ৰ জ্যেষ্ঠ স্নায়ু বিশেষজ্ঞ ডাঃ সীতা জয়লক্ষ্মীয়ে কয় যে মৃগী ৰোগত আক্ৰান্ত ব্যক্তিসকলে নিজে যিকোনো ঔষধ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে আৰু উপযুক্ত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে ।

নাগপুৰৰ ৱোখাৰ্ড হাস্পতালৰ চিকিৎসক ডাঃ অমিত ভাট্টিয়ে মৃগী ৰোগৰ অতিৰিক্ত কাৰণবোৰৰ কথা উল্লেখ কৰি কয় যে বিভিন্ন ধৰণৰ চাপৰ ফলত কেতিয়াবা দুৰ্বল স্নায়ুতন্ত্ৰৰ লোকৰ ক্ষেত্ৰত মৃগী ৰোগ হ'ব পাৰে আনহাতে অধিক চাপৰ ফলত এই সমস্যাই জটিল ৰূপ ধাৰণ কৰিব পাৰে । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিভিন্ন ধৰণৰ চাপৰ ফলত শিশুৰ মস্তিষ্কৰ বিকাশত প্ৰভাৱ পৰিব পাৰে । যাৰ বাবে পৰৱৰ্তী সময়ত সেই শিশুৰ বাবে বিভিন্ন জটিলতাৰ সৃষ্টি হ'ব পাৰে । চিকিৎসকগৰাকীৰ মতে দৰাচলতে আৰম্ভণিৰ চিজাৰৰ প্ৰধান কাৰণ হৈছে মগজুত হোৱা গাঁথনিগত পৰিৱৰ্তন ।

উল্লেখ্য যে মৃগী ৰোগৰ কোনো চিকিৎসা নাই পূৰ্বৰে পৰা সমাজত বিশ্বাস কৰা হৈ আহিছে । আনকি ইয়াৰ চিকিৎসাৰ বাবে গ্ৰামাঞ্চলত বিভিন্ন ধৰণৰ অপ্ৰমাণিত পদ্ধতি ব্যৱহাৰ হৈ আছ । তাৰ ভিতৰত ৰোগীক ধাতুৰ সামগ্ৰী ধৰি ৰাখিবলৈ দিয়া হয়, ৰোগী কঁপাই দিয়া হয় আদি । কিন্তু এছ.এল.জি. চিকিৎসালয়ৰ নিউৰোলজিষ্ট ডাঃ অভিনয় এম. হুচ্চেৰ মতে মৃগী ৰোগৰ চিকিৎসা কৰিব পাৰি আৰু অস্ত্ৰোপচাৰৰ ব্যৱস্থা আছে । কম খৰছতে মৃগী ৰোগৰ চিকিৎসা সম্ভৱ হয় আৰু চিকিৎসা কৰা লোকসকলৰ প্ৰায় ৭০ শতাংশই স্বাভাৱিক জীৱন যাপন কৰিবলৈ সক্ষম হয় ।

ৰোগটো কেনেদৰে চিনাক্ত কৰিব ? এই সম্পৰ্কে এৱাৰ গ্লেনিগলছ গ্লোবেল হাস্পতালৰ নিউৰো ফিজিচিয়ান ডাঃ সুৰেশ ৰেড্ডীয়ে কয় যে যিকোনো লোকৰ মৃগী ৰোগ হ'ব পাৰে আৰু ই সকলো জাতি, ধৰ্ম আৰু সকলো বয়সৰ পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত হ'ব পাৰে । চিজাৰৰ লক্ষণবোৰ অৱশ্যে বেলেগ বেলেগ হয় ।

কিছুমানে কেই চেকেণ্ড মানৰ বাবে সকলো জ্ঞান হেৰুৱাই পেলায়, আন কিছুমানৰ আকৌ হাত-ভৰিত প্ৰচণ্ড কঁপনি উঠে । অৱশ্যে চিজাৰ হোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ মৃগী ৰোগ আছে । মৃগী ৰোগ চিনাক্তকৰণৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত একে ধৰণৰ দুটা চিজাৰ অহাৰ প্ৰয়োজন ।

চেঞ্চুৰী হাস্পতালৰ নিউৰো চাৰ্জন ডাঃ কাৰ্তিক ৱাইৰ মতে, মৃগী ৰোগীসকলে সন্মুখীন হোৱা এক মুখ্য প্ৰত্যাহ্বান হৈছে আত্মবিশ্বাসৰ অভাৱ আৰু অনিশ্চিত ভয় । মৃগী ৰোগীৰ পৰিয়ালে, বিশেষকৈ শিশুৰ চিজাৰ সম্পৰ্কে জ্যেষ্ঠ আৰু অভিভাৱকসকলে জানিব লাগিব আৰু চিকিৎসকৰ পৰা এই সম্পৰ্কে অধিক জ্ঞান ল'ব লাগিব । সাধাৰণতে চিজাৰৰ অন্তৰ্নিহিত কাৰণ জনা আৰু সেই অনুসৰি চিকিৎসা কৰাটো গুৰুত্বপূৰ্ণ । বেছিভাগ ক্ষেত্ৰতে, সাধাৰণ চিকিৎসাই যথেষ্ট ।

কিন্তু কিছুমানৰ ক্ষেত্ৰত, অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াক উপেক্ষা নকৰি যিকোনো প্ৰকাৰে চিকিৎসা কৰাটো অতি প্ৰয়োজন । নিউৰো চাৰ্জন ডাঃ কাৰ্তিক ৱাইৰ মতে ষ্ট্ৰোকৰ পিছতহে স্নায়ু-সম্পৰ্কীয় ৰোগ হিচাপে মৃগী ৰোগক ধৰা হয় ।

পৰম্পৰাগত চিকিৎসাৰ উপৰিও মৃগী ৰোগৰ সজাগতা অতি প্ৰয়োজন । কিয়নো কৈশোৰ বা প্ৰাপ্তবয়স্ক অৱস্থাত কেতিয়াবা অধিক জটিলতা আহিব পাৰে । সেয়ে সঠিক সময়ত ইয়াৰ চিকিৎসা অতি প্ৰয়োজন । এই ৰোগৰ চিকিৎসা সম্পৰ্কে বিশেষকৈ ৰোগী, পৰিয়াল আৰু সমাজলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰা অতি প্ৰয়োজন ।

এই ৰোগৰ চিকিৎসা ব্যৱস্থাত যথেষ্ট উন্নয়নৰ প্ৰয়োজন আছে । জটিল মৃগী ৰোগীৰ চিকিৎসাৰ বাবে চিকিৎসকসকলৰ যথেষ্ট প্ৰশিক্ষণৰো প্ৰয়োজন । মৃগী ৰোগৰ বিৰুদ্ধে চলি থকা যুঁজত অধিক গৱেষণা আৰু আইনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে ।

চিকিৎসকসকলে সজাগতাৰ বাবে বাৰে বাৰে কৈ আহিছে যে মৃগী ৰোগ থকা বেছিভাগ ব্যক্তিয়ে স্বাভাৱিক জীৱন যাপন কৰিব পাৰে, নিযুক্তি লাভ কৰিব পাৰে, বিয়া পাতিব পাৰে, সন্তান জন্ম দিব পাৰে আৰু সমাজৰ উন্নয়নত অংশগ্ৰহণ কৰিব পাৰে । যদি ভালদৰে চোৱা যায় মৃগী ৰোগ প্ৰতিৰোধ কৰিব পাৰি ।

লগতে পঢ়ক :কাৰ্ডিঅ' ব্যায়াম কেৱল জিমতে সীমাবদ্ধ নহয় !

ABOUT THE AUTHOR

...view details