মহামাৰীৰ বাবে ৱৰ্ক ফ্ৰম হোম কালচাৰ বৃদ্ধিৰ মাজতে ৰিম’ট ৱৰ্কিঙৰ ফলত ব্ৰিটেইনত পৰ্ণ আসক্তি বৃদ্ধি পোৱাত অৰিহণা যোগাইছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে(Porn addiction saw a rise amid WFH culture) । ডেইলী মেইলে প্ৰকাশ কৰা অনুসৰি মহামাৰীৰ সময়ছোৱাত দূৰৱৰ্তী কাম কৰাটো জনপ্ৰিয় হোৱাৰ পিছৰে পৰা এই সমস্যাৰ বাবে চিকিৎসকৰ সহায় লোৱা ব্ৰিটেইনৰ নাগৰিকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে বুলি ডেইলী মেইলে প্ৰকাশ কৰিছে ।
বিশেষজ্ঞসকলৰ মতে, মাত্ৰ কেইটামান ক্লিকৰ দূৰত্বত থকা প্ৰলোভনৰ ফলত কিছুমান কেজুৱেল পৰ্ণ দৰ্শক আসক্ত হৈ পৰে আৰু যিসকলে ইতিমধ্যে বিভিন্ন সমস্যাৰ সন্মূখীন হৈছে । পৰ্ণ আসক্তি হৈছে এক প্ৰকাৰৰ যৌন আসক্তি য'ত ব্যৱহাৰকাৰীয়ে যৌন কাৰ্যকলাপৰ লগত জড়িত সুখদায়ক অনুভৱ বা "উচ্চ"ৰ(high) প্ৰতি আসক্তি গঢ়ি তোলে । ব্ৰিটেইনৰ সৰ্ববৃহৎ যৌন আৰু পৰ্ণ আসক্তি ক্লিনিক লণ্ডনৰ লৰেল চেণ্টাৰে জনোৱা মতে, এতিয়া তেওঁলোকে দিনটোত ১৪ ঘণ্টা পৰ্যন্ত পৰ্ণ চোৱা একাংশ দূৰৱৰ্তী কৰ্মীৰ চিকিৎসা অৱ্যাহত ৰাখিছে(Addicts watch up to 14 hours of porn a day) ।
লগতে পঢ়ক :Improving Sex Life: আপোনাৰ যৌন জীৱন উন্নত কৰাৰ বাবে 6 টা পৰামৰ্শ