অসম

assam

ETV Bharat / sukhibhava

Pineapple: গৰমৰ দিনত আপোনাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিব আনাৰসে, জানি লওক উপকাৰিতা - ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

আনাৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হজম শক্তিৰ বাবেও অতি উপকাৰী । গৰমৰ দিনত আনাৰস খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব ।

Pineapple will save you from diseases in the summer season, know how to include it in the diet
গৰমৰ দিনত আপোনাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিব আনাৰসে, জানি লওক উপকাৰিতা

By

Published : Jun 5, 2023, 6:02 PM IST

গ্ৰীষ্মকালত গৰম বৃদ্ধিৰ লগতে স্বাস্থ্যৰ প্ৰতিও যত্ন লোৱাটো প্ৰয়োজনীয় । স্বাস্থ্য বিশেষজ্ঞৰ মতে, গ্ৰীষ্মকালত নিজকে যিমান পাৰি হাইড্ৰেটেড কৰি ৰাখক । ইয়াৰ ফলত আপোনাৰ শৰীৰত পানীলগা নহ’ব আৰু লগতে সকলো স্বাস্থ্যজনিত সমস্যাৰ পৰাও পৰিত্ৰাণ পাব । পাইন আপেল অৰ্থাৎ আনাৰস খোৱাটো গ্ৰীষ্মকালত সৰ্বোত্তম বিকল্প হ’ব পাৰে ।

এই ফল কেৱল সোৱাদযুক্তই নহয়, পুষ্টিকৰ উপাদানৰে সমৃদ্ধ, যিয়ে আপোনাৰ স্বাস্থ্যৰ বহু দিশত উপকাৰ কৰিব পাৰে । আনাৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় পাচনত ই অতি উপকাৰী । গৰমৰ দিনত আনাৰস খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব । এই লেখাটোত আমি জানিবলৈ চেষ্টা কৰিম যে গ্ৰীষ্মকালত আনাৰস খালে কি কি উপকাৰ হয় ।

হাড়বোৰ মজবুত হয়

গ্ৰীষ্মকালত আনাৰস খালে হাড় মজবুত হয় আৰু শৰীৰ সুস্থ কৰি ৰাখে । ইয়াত থকা কেলচিয়ামে পেশীৰ বিষৰ পৰা উপশম দিয়ে । ইয়াত থকা মেংগানিজ আৰু কেলচিয়ামে হাড়ত হোৱা বহুতো ৰোগ নিৰাময় কৰে ।

হৃদয় সুস্থ

ইয়াত থকা আঁহে কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে । এইখিনি খালে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কমি যায় আৰু লগতে মেদবহুলতাৰ পৰাও সকাহ পোৱা যায় (pineapple benefits for men)।

ওজন কমি যোৱা

যদি আপুনি দীৰ্ঘদিন ধৰি ওজন কমাবলৈ চিন্তা কৰি আহিছে তেন্তে গ্ৰীষ্মকালত আনাৰস সীমিত পৰিমাণত খাব লাগে । আনাৰস খাই ওজন কমোৱাৰ লগতে পেটৰ চৰ্বিও দ্ৰুতগতিত হ্ৰাস পায় (pineapple benefits for men)। শৰীৰক জলসিঞ্চিত কৰি ৰখাৰ লগতে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, যিয়ে ওজন কমোৱাত সহায় কৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

গ্ৰীষ্মকালত আনাৰস খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । আনাৰসত থকা ভিটামিন চিয়েও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে (pineapple benefits)। আনাৰস খালে শৰীৰটো দীৰ্ঘদিনলৈ সুস্থ হৈ থাকে (Summer care tips)।

লগতে পঢ়ক:Green Chiretta Benefits: এই ৫টা ৰোগৰ কাল হয় এইবিধ বনৌষধি, ইয়াক কিয় সেৱন কৰাটো উচিত জানি লওক

ABOUT THE AUTHOR

...view details