ৰাতিৰ টোপনি আৰামদায়ক কৰি তোলাত গাৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বহুতে ভাল টোপনিৰ বাবে একাধিক গাৰুৰ প্ৰয়োজন হয় । গাৰুৰ ব্যৱহাৰ একেবাৰে ঠিকেই আছে, কিন্তু যদি গাৰুৰ কভাৰ যদি নিয়মিতভাৱে সলনি নকৰে, তেন্তে ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে । এক নতুন গৱেষণাত দেখা গৈছে যে টয়লেটৰ চিটতকৈ গাৰুৰ কভাৰত ১৭ হাজাৰ গুণ বেছি বেক্টেৰিয়া থাকে ।
আমেৰিকাৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাবী কৰিছে এই কথা । শ্বীটত লোৱা এক স্বাব টেষ্টৰ পৰা তেওঁলোকে গম পাইছিল যে ঘাম, মল আৰু লেলাউটিৰ বাবে মৃত ছালৰ কোষবোৰ বীজাণুৰে ভৰি থাকে । অধ্যয়নৰ সময়ত নুধোৱা গাৰুৰৰ নমুনা সংগ্ৰহ কৰি সাত দিন ৰখা হৈছিল । ইয়াত বেক্টেৰিয়া ধৰা পৰিছিল, যিয়ে ছালৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে ৷
গৱেষণাৰ মতে, গড় হিচাপত প্ৰতি ২৪ দিনৰ মূৰে মূৰে গড় ব্যক্তিয়ে কভাৰ সলনি বা চাফা কৰে । ছালৰ বিশেষজ্ঞ ডাঃ হেডলী কিঙে বুজাই দিলে যে, আমি বিচনাত যাওঁতে ছালৰ মৃত কোষ আৰু ঘাম বা ধূলিৰ কণাবোৰে বেক্টেৰিয়াৰ বাবে খাদ্য যোগান ধৰে আৰু বিচনাৰ প্ৰতি আকৰ্ষণ কৰে । ইয়াৰ সময়ত ইয়াৰ সংখ্যা বৃদ্ধি পায় ৷
কপাহীতকৈ ৰেচমৰ গাৰুৰ কভাৰ উত্তম