অসম

assam

ETV Bharat / sukhibhava

ওজন কম কৰিবলৈ বহুলোকে কৰে এই তিনিটা ভুল - বৰ্ধিত ওজন

বৰ্ধিত ওজন কমাব পৰাটো সকলোৰে হাতৰ মুঠিত নাথাকে, এই প্ৰক্ৰিয়াত বহুতে এনে ভুল কৰে যিয়ে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, সেয়েহে এনে ক্ষেত্ৰত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ।

People often make these 3 mistakes while losing weight
ওজন কম কৰিবলৈ বহুলোকে কৰে এই তিনিটা ভুল

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 11:39 AM IST

পেট আৰু কঁকালৰ চাৰিওফালে থকা চৰ্বিয়ে যিকোনো ব্যক্তিৰ সামগ্ৰিক সৌন্দৰ্য নষ্ট কৰিব পাৰে, ইয়াৰ লগতে মেদবহুলতাই বহুতো গুৰুতৰ ৰোগৰ আশংকাও সৃষ্টি কৰে ৷ ওজন কমাবলৈ আমি কঠোৰ খাদ্য আৰু গধুৰ ব্যায়ামৰ আশ্ৰয় ল’বলগীয়া হয়, কিন্তু প্ৰায়ে আমি কোনো চিন্তা নকৰাকৈ আৰু কোনো স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈয়ে ওজন কমাব পৰা প্ৰক্ৰিয়াটো চলাবলৈ আৰম্ভ কৰোঁ ৷ জানো আহক ওজন কম কৰিবলৈ গৈ এনে কি ৩টা ভুল কৰো, যাৰ ফলত আমাৰ সকলো কষ্ট অসাৰ হৈ পৰে-

ওজন কমাওঁতে এনে ভুল নকৰিব

১/ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খোৱাৰ ভয়

আমি কাৰ্বহাইড্ৰেটক খলনায়ক হিচাপে দেখি ভাবো যে এই পুষ্টিকৰ উপাদানটো পৰিহাৰ কৰিলে ওজন সোনকালে কমি যাব, এনে পৰিস্থিতিত আমি ঘৰতে ৰন্ধা ভাত, ইডলি, উপমা আৰু প’হাৰ দৰে বস্তু খোৱাৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰোঁ ৷ এনে প্ৰচেষ্টা অনতিপলমে বন্ধ কৰিব লাগে ৷ যদি আপুনি আপোনাৰ খাদ্যৰ পৰা কাৰ্ব সম্পূৰ্ণৰূপে আঁতৰাই পেলায় তেন্তে গোটেই দিনটো কাম কৰিবলৈ শক্তি লাভ কৰিব নোৱাৰিব, যাৰ ফলত ভাগৰ আৰু এলেহুৱা অনুভৱ কৰিব ৷

২/ বিঞ্জ ইটিং ডিছঅৰ্ডাৰ

বহুতে নিজৰ শৰীৰ আৰু সৌন্দৰ্যৰ বিষয়ে ইতিবাচকভাৱে চিন্তা নকৰে ৷ ওজন কমাবলৈ তেওঁলোকে নিজকে বহু সময় ধৰি ভোকত ৰাখিছে আৰু তাৰ পিছত এটা সময় আহে যেতিয়া তেওঁলোকে অতি ভোক অনুভৱ কৰে আৰু বেছিকৈ খাবলৈ আৰম্ভ কৰে ৷ এনে কৰিলে স্বাস্থ্যৰ বাবে একেবাৰে উপকাৰী নহয় ৷

৩/ অকাৰ্যকৰী ব্যায়াম

ওজন কমাবলৈ আমাক বহুতো ব্যায়ামৰ প্ৰয়োজন হয় যদিও নভবা নিচিন্তাকৈ ইচ্ছা অনুযায়ী আমি যিকোনো ব্যায়াম কৰিব নোৱাৰো ৷ সেয়ে এনে কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ শৰীৰৰ বাবে যি ব্যায়ামৰ প্ৰয়োজন সেয়াহে কৰক স্বাস্থ্যসন্মত খাদ্য আৰু পৰ্যাপ্ত পৰিমাণৰ টোপনি গ্ৰহণ কৰিলেহে ব্যায়ামৰ সুফল পাব পাৰি ৷

এইসমূহ কথাৰ যত্ন লওক

যদি আপুনি ওজন কমাবলৈ খুজিছে, তেন্তে উন্নত ফলাফলৰ বাবে ডায়েটিং কৰাৰ পৰিৱৰ্তে পৰ্যাপ্ত পৰিমাণে স্বাস্থ্যসন্মত ঘৰতে তৈয়াৰ কৰা খাদ্য গ্ৰহণ কৰক৷ আমাৰ শৰীৰৰ যিমান প্ৰয়োজন সিমান ব্যায়াম কৰক ৷ ইয়াৰ লগতে ইতিবাচক মানসিকতাও গুৰুত্বপূৰ্ণ ৷

লগতে পঢ়ক:শীতকালত প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক জিলিমিলি শাক আৰু লাভ কৰক এই উপকাৰিতা

ABOUT THE AUTHOR

...view details