অসম

assam

ETV Bharat / sukhibhava

Dengue Cases in Assam: শিশুৰ দেহত এই লক্ষণ দেখিলে তৎক্ষণাত গ্ৰহণ কৰক চিকিৎসকৰ পৰামৰ্শ - শিশুৰ ক্ষেত্ৰতো ডেংগুৰ সংক্ৰমণ

কেৱল প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতেই নহয়, শিশুৰ ক্ষেত্ৰতো ডেংগুৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত অভিভাৱকসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী ৷ শিশুৰ ক্ষেত্ৰত ডেংগুৰ লক্ষণবোৰ কি আৰু তেওঁলোকক ডেংগুৰ পৰা কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে আজি জানো আহক-

Parents should take these precautions after knowing the symptoms of dengue
শিশুৰ দেহত এই লক্ষণ দেখিলে হৈ যাওক সাৱধান! হ’ব পাৰে এয়া ডেংগুৰ লক্ষণ

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 6:12 PM IST

সমগ্ৰ দেশতে ডেংগুয়ে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কেৱল সেয়াই নহয় অসমতো ইয়াৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ শুভমান গিলো ডেংগুত আক্ৰান্ত হৈছিল ৷ কেৱল প্ৰাপ্তবয়স্কৰ লোকৰ ক্ষেত্ৰতেই নহয়, শিশুৰ ক্ষেত্ৰতো ডেংগুৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত অভিভাৱকসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী ৷ শিশুৰ ক্ষেত্ৰত ডেংগুৰ লক্ষণবোৰ কি আৰু তেওঁলোকক ডেংগুৰ পৰা কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে আজি জানো আহক-

শিশুৰ ক্ষেত্ৰত ডেংগু কিমান বিপদজনক ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডেংগু হৈছে নে নাই জনাটো কঠিন হ’ব পাৰে, কাৰণ ডেংগুত আক্ৰান্ত বেছিভাগ মানুহৰে কোনো লক্ষণ দেখা নাযায় । ৷ অৱশ্যে, ডেংগুৰ লক্ষণবোৰ প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ ক্ষেত্ৰত অলপ বেলেগ হয় ৷ যদি শিশুৰ দেহত ডেংগুৰ লক্ষণ দেখা যায় তেন্তে শিশুৰ আন সাধাৰণ সংক্ৰমণৰ দৰেই দেখাব পাৰে । সেয়ে যদি শিশুৰ দেহতো যদি তলত উল্লেখিত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত

লক্ষণ

  • তীব্ৰ জ্বৰ
  • অত্যাধিক বমি
  • শৰীৰত দাগ
  • নাকৰ পৰা ৰক্তক্ষৰণ
  • পেশী আৰু গাঁঠিৰ বিষ
  • তীব্ৰ মূৰৰ বিষ
  • ওকট পাকট লগা
  • বমি হোৱা

ডেংগুৰ পৰা শিশুসকলক পিতৃ-মাতৃয়ে কিদৰে সুৰক্ষা দিব ?

  • শিশুক ডেংগুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আপুনি আপোনাৰ ঘৰৰ চাৰিওফালটো পৰিস্কাৰ কৰি ৰাখিব ৷ পানী জমা হ’ব পৰাকৈ ঘৰৰ বাহিৰত একো সা-সামগ্ৰী নাৰাখিব ৷
  • খোৱা পানীৰ পাত্ৰ আৰু পানীৰ টেংকীটো সঘনাই পৰিস্কাৰ কৰিব ৷
  • যদি আপুনি ঘৰত কুলাৰ ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ পানী দৈনিক সলনি কৰিব ৷
  • যদি শিশুটোৰ শৰীৰটোত ঠাণ্ডা অনুভৱ কৰে, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব ৷

লগতে পঢ়ক:Dog Bite: যদি কুকুৰে কামোৰে তেন্তে চিকিৎসাত পলম নকৰিব, সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত কৰক এই ১০টা কাম

ABOUT THE AUTHOR

...view details