সাধাৰণতে কোৱা যায় যে, পিতৃ-মাতৃৰ পৰা পোৱা মাত্ৰাধিক শাসনে সন্তানৰ বাবে সমস্যাৰ সৃষ্টি কৰে ৷ অৱশ্য কথাটো নোহোৱাও নহয় ৷ সন্তানে কি বস্তু কেনেকৈ খাব, কি পিন্ধিব, কেতিয়া শুব, কেনেকুৱা ধৰণৰ কেইজন বন্ধু ৰাখিব ইত্যাদি সকলোতে যেতিয়া অভিভাৱকে নিজৰ হস্তক্ষেপ কৰে সন্তানৰ বাবে ই হৈ পৰে আমনিদায়ক ৷ ইয়াৰ লগতে আৰু এটা মন কৰিবলগীয়া কথা হ’ল যে সন্তান লালন পালনৰ নামত যেতিয়া সন্তানৰ প্ৰতিটো দাবী মানি লোৱা যায়, সন্তানৰ ভূলবোৰ আওকাণ কৰা হয়, নতুবা প্ৰতিটো সৰু ভূল-শুদ্ধ ব্যৱহাৰ মানি লোৱা হয় ইয়ে কিন্তু সন্তানৰ বিকাশত নিশ্চয়কৈ বিৰূপ প্ৰভাৱ পেলায় (Over Protective Parenting on Kids mental health) ৷
মনোবিজ্ঞানী ডাঃ ৰেণুকা শৰ্মাই কৈছে যে পিতৃ-মাতৃৰ অ’ভাৰ প্ৰটেক্টিভ স্বভাৱ অৰ্থাৎ য’ত সন্তানৰ জীৱনত পিতৃ-মাতৃৰ হস্তক্ষেপ পুৰামাত্ৰাই থাকে তেনে সন্তানৰ মানসিক স্বাস্থ্য আৰু ব্যৱহাৰক ই বাৰুকৈয়ে প্ৰভাৱিত কৰে ৷
তেওঁ লগতে কয় যে মাত্ৰাধিক শাসন আৰু মাত্ৰাধিক ৰেহাই এটাও আদৰ্শ পেৰেন্টিং শ্ৰেণীত নপৰে ৷ এই দুইটা পদ্ধতিতে সন্তানৰ ব্যৱহাৰ বিশেষকৈ আত্মবিশ্বাস, সিদ্ধান্ত লোৱাৰ ক্ষমতা, ঘটনা-পৰিঘটনাসমূহ চোৱাৰ দৃষ্টিভংগী, ভূল-শুদ্ধ বিচাৰ প্ৰক্ৰিয়া তথা আনৰ সৈতে তেওঁলোকৰ ব্যৱহাৰৰ ওপৰত প্ৰভাৱ পৰে ৷
ডাঃ ৰেণুকা শৰ্মাই কৈছে যে অ’ভাৰ প্ৰটেক্টিভ পেৰেন্টিঙত সন্তান এটিৰ ক্ষেত্ৰত সকলো ধৰণৰ সিদ্ধান্ত অভিভাৱকে লয় ৷ থকা,খোৱা,শোৱাৰ পৰা আৰম্ভ কৰি কিতাপৰ পৰা বন্ধুলৈকে সকলোতে পিতৃ-মাতৃৰ হস্তক্ষেপ থাকে ৷ পিতৃ-মাতৃয়ে সকলো প্ৰয়োজনীয়তা আৰু দাবী আগতীয়াকৈ পূৰণ কৰে । সন্তানৰ প্ৰতিটো ভুল-শুদ্ধ আচৰণত সন্তানৰ পক্ষ লোৱাৰ লগতে সন্তানে যাতে কোনো কঠোৰ পৰিশ্ৰম বা সংগ্ৰাম কৰিবলগীয়া নহয় তাৰ প্ৰতি বিশেষ সজাগ এনে পিতৃ-মাতৃ ৷ সন্তানে যাতে কোনো ধৰণৰ বিফলতা, দুখ বা অভাৱৰ সন্মুখীন হ'ব নালাগে সেয়া নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা কৰে এওঁলোকে । অৱশ্যে প্ৰায় সকলো অভিভাৱকে সন্তানৰ সুখৰ সকলো কৰিব বিচাৰে । কিন্তু এই ধৰণৰ আচৰণে শিশুৰ মানসিক আৰু আচৰণগত বিকাশক গুৰুতৰভাৱে প্ৰভাৱিত কৰে ।