এক অধ্যয়ন অনুসৰি ক’ভিড-১৯ত আক্ৰান্ত হোৱা বয়সস্থ লোকসকলৰ(Older persons infected with COVID 19) এবছৰৰ ভিতৰত Alzheimer ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ক'ভিড-19ত আক্ৰান্ত(Old Covid patients prone to Alzheimer disease) হোৱাৰ পিছতো নিয়ন্ত্ৰণত থকা লোকসকলৰ তুলনাত ৫০%ৰ পৰা ৮০% পৰ্যন্ত বেছি ।
জাৰ্নেল অৱ এলঝেইমাৰ ডিজিজত(Journal of Alzheimer's Disease) প্ৰকাশিত এক অধ্যয়নত গৱেষকসকলে এই তথ্য প্ৰকাশ কৰিছে যে, ৬৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকসকলৰ ক'ভিড-১৯ ধৰা পৰাৰ পিছৰ বছৰটোত এলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি আছিল । এই অধ্যয়নত ৮৫ বছৰীয়া মহিলাসকলৰ ক্ষেত্ৰত এই ৰোগ আটাইতকৈ বেছি দেখা গৈছিল ।