ভ্ৰমণ হ'ল মানুহৰ এক পুৰণি অভ্যাস। বিভিন্ন কাৰণ যেনে, খাদ্য, জীৱন নিৰ্বাহ, বাসস্থানৰ সন্ধান, ধৰ্ম শিক্ষা, যুদ্ধ, আনন্দ উপভোগ আদি বিভিন্ন কাৰণৰ বাবে আমাক ভ্ৰমণৰ প্ৰয়োজন হয় । বহু নিযুত মানুহ প্ৰতিদিনে দেশৰ তথা ৰাজ্যৰ সীমা অতিক্ৰম কৰে ভ্ৰমণৰ জৰিয়তে ; কিন্তু ভ্ৰমণ ক্লান্তি বা অৱসাদ আজিৰ দিনত এটা মুখ্য বেমাৰত পৰিণত হৈছে। আয়ুৰ্বেদে ভ্ৰমণ ক্লান্তি বা অৱসাদক ৰথক সুধা হিচাবে অভিহিত কৰে । আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ পি ভি ৰংগানুকুলুৱে আগ বঢ়াইছে এই ভ্ৰমণ ক্লান্তি বা অৱসাদ দূৰ কৰাৰ কেইটামান বিশেষ উপায় ।
ৰাজহুৱা পৰিৱহণ ব্যবস্থাৰ উন্নয়ন হোৱাৰ আগলৈকে আমি ভ্ৰমণ কৰিছিলোঁ মাথোঁ ঘোঁৰাৰ গতিৰে । এতিয়া আমি ঘণ্টাত ১০০ কিলোমিটাৰ গতিৰে উৰিব পাৰো আৰু বিভিন্ন টাইম জ'ন পৰিভ্ৰমণ কৰিব পাৰোঁ । যেতিয়া আমি বিভিন্ন টাইম জ'ন অৰ্থাৎ সময় ক্ষেত্ৰ পৰিভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ অৱসাদ আহে, টোপনিত ব্যাঘাট হয় আৰু সময়ৰ খেলি মেলিৰ বাবে আমাৰ টোপনিৰ সময় সলনি হয় । যেতিয়া আমি পূৱ অথবা পশ্চিমৰ ফালে যাওঁ, তেতিয়া আমি বেছিকৈ ক্লান্ত অনুভৱ কৰোঁ । কিন্তু উত্তৰ আৰু দক্ষিণৰ ফালে এই ভ্ৰমণ হ'লে ক্লান্তি বা অৱসাদৰ ক্ষেত্ৰত আকৌ ইমান প্ৰভাৱ পৰা পৰিলক্ষিত নহয় । কাৰণ উত্তৰ আৰু দক্ষিণৰ সময় ক্ষেত্ৰ আমাৰ সৈতে একে থাকে।
অন্ধকাৰ নামি আহিলে আমাৰ মগজুৰ পাইনেল গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা মেলাটোনিন নামৰ হৰ্মনবিধে আমাৰ টোপনিৰ সময় নিৰ্ধাৰণ কৰে । আমি যেতিয়া আন সময় ক্ষেত্ৰলৈ যাওঁ তাত আমাৰ লগত নিমিলা এক সময় দেখিবলৈ পাও। সেয়ে আমি ভ্ৰমণ ক্লান্তি বা অৱসাদ অনুভৱ কৰোঁ ।
- আমাৰ দিনৰ ভাগত টোপনি আহিব পাৰে ।
- গাৰ বিষ হব পাৰে ।
- বদ হজম হব পাৰে ।
- পাৰিপাৰ্শ্বিক অৱস্থাৰ প্রতি প্ৰতিকূল ভাৱ আহিব পাৰে ।
- কৌষ্ঠ কথিন্য হব পাৰে ।
- পেটৰ পোৰণি অনুভৱ হব পাৰে ।