এখন কোমল আৰু উজ্জ্বল ছালৰ অধিকাৰী হ'ব কোনেনো নিবিচাৰে ৷ ইয়াৰ বাবে প্ৰয়োজন ছালৰ যতন । আমি প্ৰায়ে সকলোৱে আমাৰ ছাল পৰিষ্কাৰ কৰিবলৈ চাবোন ব্যৱহাৰ কৰো । কিন্তু প্ৰায়ে আমি সকলোৱে বজাৰৰ পৰা যিকোনো ধৰণৰ চাবোন ক্ৰয় কৰি ছালত ব্যৱহাৰ কৰে যিটো আমাৰ ছালৰ বাবে অতি হানিকাৰক ।
উল্লেখ্য যে, প্ৰতিটো চাবোনেই আমাৰ ছালত বিভিন্ন ধৰণে কাম কৰে । আপুনি যেনেকৈ আপোনাৰ আন সৌন্দৰ্য সামগ্ৰীসমূহ ছালৰ ধৰণ অনুসৰি নিৰ্বাচন কৰে, একেদৰে চাবোন বাছনি কৰাৰ সময়ত আপুনিও আপোনাৰ ছালৰ প্ৰকাৰৰ যত্ন লোৱা উচিত ।
স্বাভাৱিক ছালৰ বাবে
স্বাভাৱিক ছাল বেছি তেলেতীয়া নহয় আৰু বেছি শুকানো নহয় । সেইবাবেই চাবোনটোও বাছনি কৰোঁতে কিছু গুৰুত্ব দিয়া উচিত । শুকান ছাল বা তেলীয়া ছালৰ বাবে তৈয়াৰী চাবোন কেতিয়াও ব্যৱহাৰ নকৰিব । ভুল চাবোন ব্যৱহাৰ কৰিলে ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যাব পাৰে । ইয়াৰ ফলত আপোনাৰ ছাল শুকান হ’ব পাৰে(Soap according to your skin)। বনৌষধি চাবোন ব্যৱহাৰ কৰিব পাৰে ।
তেলীয়া ছালৰ বাবে
ছালৰ PH ভাৰসাম্য ৰক্ষা কৰা চাবোন বাছি লওক । উল্লেখ্য যে, তেলীয়া ছালত অধিক চিবাম উৎপন্ন হয়(Sebum is Produced in Oily Skin)যাৰ ফলত ব্ৰেকআউটৰ সম্ভাৱনা বেছি(best soap for dry skin) । নিশ্চিত হওক যে, আপোনাৰ চাবোন নন-কমেড’জেনিক । এলোভেৰা, চাহ গছ আৰু সাগৰীয় নিমখ আদি উপাদান থকা চাবোন ব্যৱহাৰ কৰক ।
শুকান ছালৰ বাবে
শুকান ছালখন প্ৰায়ে খজুৱতি আৰু লেয়াৰযুক্ত হয়, য’ত Dry Patches দেখা যায় । সেইবাবেই আপুনি এনে চাবোন বাছি লওক, য’ত গ্লিচাৰিন, ক’ক’ বাটাৰ, নাৰিকল তেল বা শ্বিয়া বাটাৰ আদি উপাদান থাকে(best soap for dry skin in winter) ।
Combination ছালৰ বাবে
সংমিশ্ৰিত ছালত শুকান আৰু তেলীয়া দুয়োটা গুণ থাকে । যদি আপোনাৰ ছালখনো combination হয়, তেন্তে আপুনি এনে চাবোন বাছি লোৱাৰ পৰা বিৰত থাকিব লাগে যিবোৰ কেৱল তেলীয়া আৰু শুকান ছালৰ বাবেহে তৈয়াৰ কৰা হয় । আনহাতে, সংবেদনশীল ছালৰ বাবে এনে চাবোন বাছি ল’ব লাগে য’ত প্ৰাকৃতিক উপাদান থাকে আৰু ছালৰ কোনো ক্ষতি নকৰে(best soap for combination skin in india) ।
লগতে পঢ়ক:Relationship Tips: অত্যধিক চিন্তাই আপোনাৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে নেকি ? তেন্তে ব্যৱহাৰ কৰক এইসমূহ পদ্ধতি