অসম

assam

ETV Bharat / sukhibhava

এই পদ্ধতিৰে মহানিম জুতি লৈ খাওক, বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাওক - মেলেৰিয়া ৰোগ

মহানিম বুলিলেই একাংশ লোকৰে মুখ কোচাই দিবৰ মন যায় । পাছে এই মহানিমতেই মজুত আছে বহু গুণাগুণ । যি গুণে শৰীৰৰ পৰা বীজাণু নাশ কৰি শৰীৰৰ বহু উপকাৰ সাধন কৰে ।

Neem benefits for health and its recipe
এই পদ্ধতিৰে মহানিম জুতি লৈ খাওক, বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাওক

By

Published : Sep 21, 2022, 9:02 PM IST

মহানিম বুলিলেই একাংশ লোকৰে মুখ কোচাই দিবৰ মন যায় । পাছে এই মহানিমতেই মজুত আছে বহু গুণাগুণ । যি গুণে শৰীৰৰ পৰা বীজাণু নাশ কৰি শৰীৰৰ বহু উপকাৰ সাধন কৰে (Neem benefits for health) ।

পাছে এই মহানিম খাই কেনেকৈ । কি উপায়ে ইয়াক অতি সহজে খাব পৰা যায়!

মহানিমৰ পাত ধুই পানীখিনি যাবলৈ দিয়ক(Neem recipe) । তাত অলপ নিমখ চতিয়াই আৰু কেৰাহীত অকনমান তেল দি শুকানকৈ মচমছীয়াকৈ ভাজক ৷

ইয়াৰ পিছত একেবাৰে মচমছীয়া হৈ পৰিব আপোনাৰ মহানিমৰ পাত । এই মহানিমৰ মচমছীয়া ভাতৰ লগত খাই জুতি পাব ৷ তিতা ভাৱ বহুলাংশে হ্ৰাস পাই এইদৰে খালে ।

কিছুমান লোকে মহানিমৰ পাত বেঙেনাৰ সৈতে ভাজি খাই, তেনেদৰে খালেও ইয়াৰ তিতাভাৱ কিছুপৰিমাণে হ্ৰাস পায় । এনেদৰে খালেও শৰীৰত ই বহু উপকাৰী তত্ব প্ৰদান কৰে ।

মহানিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি ।

খোৱাৰ লগতে নিমপাত সিজাই শৰীৰত লগাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে । শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে । জণ্ডিছ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায় ।

চুলিৰ উফি হ্ৰাসৰ লগতে চুলিবোৰ ভাল হয় । মূৰৰ ছালৰ অন্য ৰোগো নিৰাময় কৰে নিমপাতে । মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয় ।

সকলো প্ৰকাৰৰ খৰ-খজুৱতি, ছালৰ ৰোগ আদিত মহানিম মহৌষধ ।

নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, পায়েৰিয়া আদি নহয় । দাঁত উজ্জল আৰু ভাল হয় । দাঁতৰ সৌন্দৰ্য বাঢ়ে ।

লগতে পঢ়ক:গা ধুবলৈ Body wash বা চাবোনৰ সলনি ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী

ABOUT THE AUTHOR

...view details