নৱৰাত্ৰিত দেৱী শক্তি মা দুৰ্গাৰ পূজা কৰা হয় । নৱৰাত্ৰিৰ ন দিনত দেৱী শক্তিৰ নটা ভিন্ন ৰূপক পূজা কৰা হয় । বছৰত চাৰিবাৰ নৱৰাত্ৰি আহে, চৈত্ৰা, আছাধ, মাঘ আৰু শাৰদীয় নৱৰাত্ৰি । ইয়াৰ ভিতৰত চৈত্ৰা আৰু অশ্বিন অৰ্থাৎ শাৰদীয় নৱৰাত্ৰিক প্ৰধান বুলি গণ্য কৰা হয় । ইয়াৰ বাহিৰেও আছাধ আৰু মাঘ গুপ্ত নৱৰাত্ৰি হয় ।
শাৰদীয় নৱৰাত্ৰি কেতিয়া আৰু কিমান দিন থাকে ?
জ্যোতিষীৰ মতে, ২০২৩ চনৰ ১৫ অক্টোবৰ দেওবাৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ’ব । ২০২৩ চনৰ ২৩ অক্টোবৰত শেষ হ’ব নৱৰাত্ৰী । অহা ২৪ অক্টোবৰত বিজয়দশমী বা দশেৰা উৎসৱ পালন কৰা হ’ব । ১৪ অক্টোবৰৰ নিশা ১১:২৪ বজাৰ পৰা আৰম্ভ হৈছে অশ্বিন মাহৰ প্ৰতিপদ তাৰিখ । ১৫ অক্টোবৰৰ নিশা ১২:৩২ বজালৈকে চলিব । নৱৰাত্ৰিক দেৱী দুৰ্গাক পূজা কৰিবলৈ সৰ্বোত্তম সময় বুলি গণ্য কৰা হয় ।
এই বিশেষ প্ৰসাদে পূৰণ কৰিব আপোনাৰ ইচ্ছা
ভগৱান ৰামে বিজয়দশমীৰ দিনা নৱৰাত্ৰিত মা ভাগৱতীক পূজা কৰি দেৱীক সন্তুষ্ট কৰি ৰাৱণক বধ কৰিছিল । এনে পৰিস্থিতিত মাৰ ভক্তসকলে গোটেই ৯ দিন মা দুৰ্গাক পূজা কৰি সন্তুষ্ট কৰিব বিচাৰে ৷ কিন্তু আপুনি জানেনে যে এই ন দিনৰ ভিতৰত মা দুৰ্গাক প্ৰতিদিনে বিভিন্ন বস্তু আগবঢ়োৱাৰ পৰম্পৰা আছে । নৱৰাত্ৰিৰ ৯ গৰাকী দেৱীক ৯ টা ভিন্ন শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয় । যদি আপুনিও মা দেৱীক সন্তুষ্ট কৰিব বিচাৰে আৰু এই ন দিনত আপোনাৰ সকলো কামনা শীঘ্ৰে পূৰণ কৰিব বিচাৰে, তেন্তে নৱৰাত্ৰিৰ সময়ত প্ৰতিদিনে মা দুৰ্গাৰ পছন্দ অনুসৰি তেওঁক আগবঢ়াওক প্ৰসাদ । নৱৰাত্ৰিৰ সময়ত ৯ গৰাকী দেৱীৰ প্ৰিয় ৯ টা প্ৰসাদ ৷ কি কি সেয়া জানি লওক ।
নৱৰাত্ৰিত ৯ গৰাকী দেৱীলৈ ৯ টা প্ৰসাদ
প্ৰথম দিন- মা শৈলপুত্ৰী
নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীৰ পূজা কৰা হয় । মা শৈলপুত্ৰীক স্বাস্থ্যৰ দেৱী বুলি গণ্য কৰা হয় । ধৰ্মীয় বিশ্বাস অনুসৰি যদি কোনো ব্যক্তিয়ে নৱৰাত্ৰিৰ প্ৰথম দিনাই গৰুৰ পৰা বিশুদ্ধ দেশী ঘিউ মা দেৱীক আগবঢ়ায়, তেন্তে মা শৈলপুত্ৰীৰ কৃপাত সেই ব্যক্তিগৰাকী সুস্থ আৰু সুখী হোৱাৰ আশীৰ্বাদ লাভ কৰে ।
দ্বিতীয় দিন- মা ব্ৰহ্মচাৰিনী
যিসকলে মা ব্ৰহ্মচাৰিনীৰ পৰা দীৰ্ঘায়ুৰ আশীৰ্বাদ বিচাৰে তেওঁলোকে নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনীক চেনি আগবঢ়াব লাগে । মা ব্ৰহ্মচাৰিনীক চেনি আগবঢ়ালে অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস কৰা হয় ।
তৃতীয় দিন- মা চন্দ্ৰঘন্টা
নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘন্টাক গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী প্ৰসাদ আগবঢ়াব লাগে । এনে কৰিলে বিশ্বাস কৰা মানুহৰ জীৱনৰ সকলো দুখৰ অন্ত পৰে ।