অসম

assam

ETV Bharat / sukhibhava

Tips to Cure dry cracked heels: ফটা গোৰোহাৰ যত্ন কিদৰে ল’ব জানো আহক - Tips to Cure dry cracked heels

ফটা আৰু শুকান গোৰোহা দেখিবলৈ অশুৱনি ৷ ই আপোনাক আনৰ আগত অপ্ৰস্তুত কৰি তোলে ৷ ফটা গোৰোহা কেৱল দেখিবলৈয়ে বেয়া নহয় ইয়াৰ বহু অপকাৰিতাও আছে ৷ ফটা গোৰোহাৰ সৈতে খোজ কাঢ়ি থাকিলে এটা সময়ত ভৰিৰ বিষৰ সৃষ্টি কৰে ৷ সেয়ে আজি আমি আপোনালোকলৈ লৈ আহিছো ফটা আৰু শুকান গোৰোহাৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায় (Tips to Cure dry cracked heels)...

cracked heels
শুকান, ফটা গোৰোহাৰ যত্ন কিদৰে ল’ব জানো আহক

By

Published : Jan 28, 2022, 1:57 PM IST

শীত অহাৰ লগে লগে গাৰ ছাল আৰু চুলি ৰুক্ষ হৈ পৰে ৷ শুকান বতৰৰ লগতে ঠাণ্ডা বতাহৰ বাবে এনে হয় ৷ শীত কালৰ সময়ত গাৰ ছালৰ লগতে ভৰিৰ গোৰোহাও ফাটিবলৈ ধৰে ৷ ফটা গোৰোহাই সময়ে সময়ে ভৰিৰ বিষৰো সৃষ্টি কৰে ৷ যিসকল মানুহৰ ছাল শুকান হয় সেইসকল মানুহৰ ক্ষেত্ৰত গোৰোহা ফটাৰ সম্ভাৱনা অধিক ৷ চ’ৰিয়াচিছ (psoriasis) আৰু একজেমা (eczema) ত ভুগি থকা সকলৰ ক্ষেত্ৰতো ফটা গোৰোহাৰ সমস্যাই দেখা দিয়ে ৷ গোৰোহা ফটাৰ আন কিছুমান কাৰণো আছে-

1. কঠিন মজিয়াত দীৰ্ঘসময়ৰ বাবে থিয় হৈ থকা

2. খোলা জোতা বা চেণ্ডেল বেছিকৈ পৰিধান কৰা

3. ছাল এৰোৱা

4. মেদবহুলতা, যিয়ে গোৰোহাৰ ওপৰত চাপ সৃষ্টি কৰে

5. ছালৰ ৰোগ যেনে চ’ৰিয়াচিছ, একজেমা ইত্যাদি

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি অতি সহজেই ঘৰতে কিছুমান উপায় অৱলম্বন কৰিব পাৰোঁ ৷ (Tips to Cure dry cracked heels) জানো আহকচোন ফটা গোৰোহা নিৰাময়ৰ কেইটামান টিপছ্-

প্ৰচুৰ পৰিমাণে পানী খাওক:

পানীয়ে শৰীৰক হাইড্ৰেট কৰি ৰাখে ৷ প্ৰতিদিনে 3 ৰ পৰা 4 লিটাৰ পৰ্যন্ত পানী খোৱাটো অত্যাৱশ্যকীয় ৷ যিহেতু শুষ্কতাৰ ফলতে গোৰোহা ফাঁটে আৰু শুকান হৈ পৰে গতিকে যথেষ্ট পৰিমাণে পানী খালে নিশ্চয় আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৷

নিয়মীয়াকৈ ভৰি পানীত ডুবাই ৰাখক:

কুহুমীয়া পানীত কেইটোপালমান নেমুৰ ৰস দি 15 মিনিটৰ বাবে ভৰি দুটা ডুবাই ৰাখক ৷ তাৰ পিছত কোমল ব্ৰাছ এডালেৰে লাহে লাহে ঘঁহি দিয়ক ৷ ই শুকান ছাল আঁতৰাই নতুনকৈ ছালৰ কোষ সৃষ্টিত সহায় কৰিব ৷

পিউমিচ ষ্টোন ব্যৱহাৰ কৰক:

গা ধোঁৱা সময়ত সপ্তাহত তিনিবাৰকৈ পিউমিচ ষ্টোন ব্যৱহাৰ কৰক ৷ এই ষ্টোনে শুকান মৃত ছাল আঁতৰোৱাত সহায় কৰে লগতে গোৰোহাত ফাঁট মেলিব নিদিয়াকৈ কোমল কৰি ৰাখে ৷ মনত ৰাখিব এই পিউমিচ ষ্টোন যাতে আপোনালোকে মাত্ৰাধিক ব্যৱহাৰ নকৰে ৷

পেট্ৰ'লিয়াম জেলী ব্যৱহাৰ কৰক:

পেট্ৰ'লিয়াম জেলীয়ে গোৰোহা গভীৰভাৱে ময়শ্চাৰাইজ কৰাত সহায় কৰে আৰু আপোনাৰ ছাল কোমল কৰি ৰাখে । প্ৰতিদিনে শুবলৈ যোৱাৰ আগতে গোৰোহাত পেট্ৰ'লিয়াম জেলী লগাওক আৰু সম্পূৰ্ণৰূপে ময়শ্চাৰাইজ হ’বলৈ মোজা পিন্ধি শোৱক ।

ভৰিত দৈনিক ময়শ্চাৰাইজাৰ প্ৰয়োগ কৰক:

প্ৰতিদিনে তিনিবাৰকৈ ময়শ্চাৰাইজাৰ সানক ৷ ই আপোনাৰ ছালক হাইড্ৰেট কৰি ৰখাৰ লগতে শুষ্কতাৰ পৰা আঁতৰাই ৰাখে ৷

নাৰিকল তেল/শ্বিয়া বাটাৰ ব্যৱহাৰ কৰক:

কুহুমীয়া পানীত অলপ সময়ৰ বাবে ভৰি তিয়াই ৰাখি আপুনি নাৰিকল তেল বা শ্বিয়া বাটাৰ প্ৰয়োগ কৰিব পাৰে । ভিটামিন-ই ৰে পৰিপুষ্ট নাৰিকল তেলে ফঁটা গোৰোহা নিৰাময়ত সহায় কৰিব ৷ শ্বিয়া বাটাৰত ভিটামিন এ, ই, আৰু এফ থাকে যিয়ে খহটা শুকান ছাল কোমল আৰু আৰোগ্য কৰে ।

কল আৰু এভাকেড’ৰ পেষ্ট তৈয়াৰ কৰি লগাওক:

ভিটামিন এ আৰু ই ৰে সমৃদ্ধ এভাকেড’ই ছালক ৰুক্ষ হোৱাৰ পৰা ৰক্ষা কৰে ৷ পুষ্টিৰে সমৃদ্ধ ক’লে ছালৰ স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে লগতে ছালক শুষ্কতাৰ পৰা ৰক্ষা কৰে ৷ কল আৰু এভাকেড’ৰ পেষ্ট বনাই লগালে ই শুকান আৰু ফঁটা গোৰোহা কোমল কৰাৰ লগতে ইয়াক দেখনিয়াৰ কৰি তুলিব ৷ এইদৰে পেষ্ট তৈয়াৰ কৰি গোৰোহাত প্ৰায় আধাঘণ্টাৰ বাবে লগাই ৰাখক আৰু তাৰ পিছত ধুই দিয়ক ৷ ফটা গোৰোহা নিৰাময়ৰ বাবে এই টিপছ্ সমূহ প্ৰয়োগ কৰাৰ লগতে উপযুক্ত জোখৰ বন্ধ জোতা, চেণ্ডেল পৰিধান কৰক ৷

লগতে পঢ়ক :7 Tips to get rid from Sleepiness: দিনটোৰ বাবে অলসতা পৰিহাৰ কৰাৰ 7 টা উত্তম উপায়

ABOUT THE AUTHOR

...view details