ভাৰতবৰ্ষত থকা বহু মন্দিৰৰ আছে ৰহস্যময় ইতিহাস । ভাৰতত এনে কিছুমান মন্দিৰ আছে, যিসমূহ মন্দিৰৰ লগতে জড়িত হৈ আছে বহু কাহিনী আৰু বহুতো ৰহস্য । য’ত এনে কিছুমান ঘটনা ঘটে, যিবোৰ বাস্তৱ জীৱনত অসম্ভৱ যেন লাগে ৷ বহু মন্দিৰত বহু ধৰণৰ ৰহস্য আছে আৰু ইয়াৰ সৈতে জড়িত কাহিনীও আছে, যাৰ উত্তৰ আজিলৈকে কোনেও বিচাৰি উলিয়াব পৰা নাই ।
গতিকে আজি জানো আহক দেশৰ এনে ৰহস্যময় মন্দিৰৰ বিষয়ে, যাৰ বিষয়ে বহুতো ৰহস্যময় কাহিনী জনপ্ৰিয় । লগতে জানো আহক কিয় এই মন্দিৰসমূহ সমগ্ৰ বিশ্বতে বিখ্যাত...
জগন্নাথ মন্দিৰ, ওড়িশা
পুৰিৰ জগন্নাথ মন্দিৰ ১১০০ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল ৷ এই মন্দিৰত প্ৰৱেশ কৰিবলৈ চাৰিখন দুৱাৰ আছে, ইয়াৰে এখন সিংহদ্বাৰ আৰু এই দুৱাৰখন ৰহস্যময় বুলি গণ্য কৰা হয় । কোৱা হয় যে সন্ধিয়া এই দুৱাৰেৰে ভিতৰলৈ সোমাই গ’লে সাগৰৰ শব্দ শুনা বন্ধ হৈ যায়, কিন্তু ওলাই অহাৰ লগে লগে পুনৰ শুনা যায় শব্দ । ইয়াৰ পতাকাখন সদায় বিপৰীত দিশত লৰচৰ কৰে আৰু ইয়াৰ ওপৰত কোনো চৰাই নাযায় বুলিও কোৱা হয়।
কৰ্ণী মাতা মন্দিৰ, বিকানেৰ
ৰাজস্থানৰ বিকানেৰত কৰ্ণী মাতাৰ মন্দিৰটো নিগনি মাতৃৰ মন্দিৰ বুলিও জনা যায় । এই মন্দিৰত হাজাৰ হাজাৰ নিগনি বাস কৰে আৰু মন্দিৰত ঘূৰি ফুৰে, কিন্তু এই মন্দিৰৰ বিশেষ কথাটো হ’ল এই নিগনিবোৰ কেতিয়াও মন্দিৰৰ পৰা বাহিৰলৈ ওলাই নাহে ।