অসম

assam

ETV Bharat / sukhibhava

Skin care routine for Men: পুৰুষ সকলে কিদৰে ল’ব ছালৰ যতন ? - Skin care routine for Men

ছালৰ যতনৰ ক্ষেত্ৰত সদায় মহিলাসকলকহে অধিক অগ্ৰাধিকাৰ দিয়া দেখা যায় ৷ পুৰুষ সকলৰ ক্ষেত্ৰত এই বিষয়টো প্ৰায়েই অৱহেলিত হৈ থাকে ৷ খুবেই কম সংখ্যক পুৰুষেহে ছালৰ যতনৰ প্ৰতি সচেতন হোৱা দেখা যায় ৷ কিন্তু প্ৰকৃততে ছালৰ যতনৰ ক্ষেত্ৰত পুৰুষ মহিলা উভয়েই সচেতন হোৱা উচিত ৷ আজি আমি কিছুমান বিশেষ কিন্তু সাধাৰণ টিপছ্ পুৰুষ সকললৈ বুলি আগবঢ়াম যি দীৰ্ঘকালীন সময়ৰ বাবে পুৰুষৰ ছালক সতেজ কৰি ৰখাত সহায় কৰিব (Skin care routine for Men) ৷

Skin care
পুৰুষে কিদৰে ল’ব ছালৰ যত্ন?

By

Published : Feb 22, 2022, 12:59 PM IST

পুৰুষৰ ছাল সাধাৰণতে তৈলাক্ত আৰু কঠিন হয় ৷ ই নিৰন্তৰ প্ৰদূষণ আৰু সূৰ্যৰ পোহৰৰ দৰে বাহ্যিক কাৰকৰ সংস্পৰ্শলৈ আহে । অনিয়মীয়া টোপনিৰ অভ্যাস, চাপ আৰু দুৰ্বল খাদ্যাভ্যাস_ এই সকলোবোৰ পুৰুষৰ ক্ষেত্ৰত প্ৰায়েই দেখিবলৈ পোৱা যায় ৷ ইয়ে পুৰুষৰ ছালক অধিক ৰুক্ষ কৰি তোলে আৰু ই নানান অসুবিধাৰ সৃষ্টি কৰে । (Skin care routine for Men) তলত কেইটামান দৈনিক প্ৰয়োগ কৰিব পৰা উপায়ৰ কথা উল্লেখ কৰা হ’ল-

ক্লিনজিং

দৈনিক মুখখন চাফা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ৷ ই প্ৰদূষণ আৰু মুখৰ তেলেতীয়া ভাৱৰ পৰা ছালক ৰক্ষা কৰে ৷ দিনটোৰ প্ৰথম কামটোৱেই হ'ল আপোনাৰ মুখখন ক্লিনজাৰেৰে পৰিষ্কাৰ কৰা । দিনত দুবাৰকৈ মুখ ধুব লাগে ৷ ৰাতিপুৱা আৰু ৰাতি ক্লিনজাৰেৰে মুখখন চাফা কৰিলে ই অশুদ্ধি আঁতৰ কৰাত সহায় কৰে । আপোনাৰ ছালৰ প্ৰকাৰ জানি সঠিক ক্লিনজাৰ বাছনি কৰি লওক ৷ ই মুখৰ ছিদ্ৰবোৰ খুলি শালমইনা হোৱাৰ পৰা ছালক ৰক্ষা কৰিব ৷ তেলেতীয়া ছালৰ বাবে অ.এইচ.এ-বি.এইচ.এ ফেচৱাছৰ পৰামৰ্শ দিয়া হয় । এই দুটা হৈছে হাইড্ৰক্সি এচিড । এ.এইচ.এ. হৈছে আলফা-হাইড্ৰক্সি এচিড আৰু বি.এইচ.এ. হৈছে বিটা-হাইড্ৰক্সি এচিড ৷

হাইড্ৰেচন

সময় গৈ থকাৰ লগে লগে পুৰুষৰ ছাল টান হয় । ইয়াৰ মুখ্য কাৰণ হ’ল বায়ু প্ৰদূষণ, চিগাৰেটৰ ধোঁৱা আৰু সূৰ্যৰ ইউভি ৰশ্মিত থকা ৰাসায়নিক পদাৰ্থ । এনেকুৱা পৰিস্থিতত আপোনাৰ ছাল হাইড্ৰেট কৰাটো কঠিন হৈ পৰে । ছালৰ বাবে প্ৰয়োজনীয় উপাদান থকা চিৰাম ময়েশ্চাৰাইজাৰ লগোৱাৰ পূৰ্বে মুখত প্ৰয়োগ কৰক ৷ ই ছাল মেৰামতি কৰাত সহায় কৰে । আপুনি সন্মুখীন হৈ থকা সমস্যাৰ ওপৰত ভিত্তি কৰি চিৰাম বাছনি কৰিব ৷

সুৰক্ষা

প্ৰতিদিনেই বাহিৰলৈ যোৱাৰ আগতে ছালৰ যতনৰ প্ৰতি লক্ষ্য ৰাখি পুৱা চানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে । ছালৰ যত্নৰ ই অন্তিম পৰ্যায় । নন-ষ্টিকী জেলৰ দৰে চানস্ক্ৰীণ দৈনিক ব্যৱহাৰৰ বাবে উপযোগী । মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাহিৰলৈ ন’গলেও চানস্ক্ৰীণ প্ৰয়োগ কৰিব লাগে; কিয়নো ই আমাক ইউভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰে । যদি আপুনি নিৰন্তৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিব লগা হয় তেন্তে আপুনি প্ৰতি তিনি ঘণ্টাৰ মূৰে মূৰে চানস্ক্ৰীণ প্ৰয়োগ কৰা উচিত ।

নিৰন্তৰ প্ৰদূষণ, ধোঁৱা, সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিব লগা পুৰুষসকলে এণ্টি-অক্সিডেণ্ট চিৰাম বা পিগমেণ্টেচন চিৰাম ব্যৱহাৰ কৰিব লাগে । চিৰাম এটা কিমান পাতল বা গাঢ় তাৰ ওপৰত নিৰ্ভৰ কৰি হাইড্ৰেচনৰ আগতে বা পিছত মুখত প্ৰয়োগ কৰিব লাগে (Minimal skin care tips for men) । প্ৰথমে অৱশ্যে পাতল চিৰাম ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয় । ইয়াৰ লগতে পুৰুষসকলে চানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পূৰ্বে নন- ষ্টিকী, নন-কমডোজেনিক ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে । অৱশ্যে আপোনাৰ ছালৰ প্ৰকাৰৰ বিষয়ে জানি লৈহে ওপৰোক্ত পদ্ধতিসমূহ প্ৰয়োগ কৰিব ৷

লগতে পঢ়ক:Hair Greying: অকালতে চুলি বগা হোৱাৰ কাৰণ কি হ’ব পাৰে ?

ABOUT THE AUTHOR

...view details