অসম

assam

ETV Bharat / sukhibhava

Heart Attack: কিয় অকস্মাতে বৃদ্ধি পাইছে হাৰ্ট এটেক ! - Siddhaanth Vir Surryavanshi death news

বিগত কিছু সময় ধৰি কম বয়সতে হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ আঁৰৰ কাৰণসমূহ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, যেনে জিমত ঘণ্টাৰ পিছত ঘণ্টা কটাব পৰা বা দৌৰাৰ জৰিয়তে নিজকে ফিট কৰি ৰখাৰ দৰে শাৰীৰিক কাৰ্যকলাপ ।

Make these lifestyle changes the risk of heart attack will be less
কিয় অকস্মাতে বৃদ্ধি পাইছে হাৰ্ট এটেক! প্ৰয়োজনীয়তা কিহৰ ?

By

Published : Nov 25, 2022, 5:08 PM IST

বিগত কিছু সময় ধৰি কম বয়সতে হাৰ্ট এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে(mild heart attack)। ইয়াৰ আঁৰৰ কাৰণসমূহ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, যেনে জিমত ঘণ্টাৰ পিছত ঘণ্টা কটাব পৰা বা দৌৰাৰ জৰিয়তে নিজকে ফিট কৰি ৰখাৰ দৰে শাৰীৰিক কাৰ্যকলাপ(Heart attack during recent times) ।

শেহতীয়াকৈ জিমত ব্যায়ামৰ সময়ত অভিনেতা সিদ্ধান্ত সূৰ্যবংশীৰো মৃত্যু হয়(Siddhaanth Vir Surryavanshi died in Heart attack) । ইয়াৰ বাবেই মানুহৰ জিম বা শাৰীৰিক কাৰ্যকলাপ কৰাৰ উন্মাদনা এতিয়া লাহে লাহে কমি আহিবলৈ ধৰিছে(Siddhaanth Vir Surryavanshi death news )।

সাধাৰণতে, যদি জীৱনশৈলীত কোনো পৰিৱৰ্তন কৰা হয়, তেন্তে দ্বিতীয়বাৰৰ বাবে হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পাব পাৰে(Heart Attack death case)। এই প্ৰতিবেদনৰ জৰিয়তে আমি এটা গৱেষণাৰ আধাৰত ইয়াৰ সৈতে জড়িত প্ৰয়োজনীয় তথ্য আপোনালোক আগবঢ়ালো-

জীৱনশৈলীত কৰক এইসমূহ পৰিৱৰ্তন

এটা নতুন গৱেষণা এই তথ্য পোহৰলৈ আহিছে যে, জীৱনশৈলীৰ পৰিৱৰ্তনে দ্বিতীয়বাৰৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে । আচলতে এটা গৱেষণাত কোৱা হৈছে যে হাৰ্ট এটেক হোৱাৰ পিছতো যদি জিমৰ ৰুটিন পুনৰ পালন কৰা হয়, তেন্তে ই হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে ।

হাৰ্ট এটেকৰ আশংকাৰ বিষয়ে গৱেষণাই কি কয়

গৱেষণাৰ মতে, ইয়াৰ বাবে প্ৰায় ১১০০ প্ৰাপ্তবয়স্কৰ তথ্য সংগ্ৰহ কৰা হৈছিল । ১৯৯০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত আটাইকেইজনেই হাৰ্ট এটেকত আক্ৰান্ত হৈছিল । ইয়াত গড় বয়স আছিল ৭৩ বছৰ । গৱেষকসকলে তেওঁলোকৰ প্ৰতিবেদনত কয় যে, যিসকল লোক শাৰীৰিকভাৱে সুস্থ আৰু এতিয়াও নিয়মীয়া ব্যায়ামৰ নিয়ম পালন কৰে, তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৩৪ শতাংশ হ্ৰাস পায় ।

ৱৰ্কআউটৰ সময়ত এইবোৰ কথা মনত ৰাখিব

ফিট হৈ থাকিবলৈ জিমৰ ৰুটিন মানি চলাটো প্ৰয়োজনীয়, কিন্তু এইটোও মনত ৰাখিব যে গধুৰ ৱৰ্কআউট কৰিব নালাগে । এই ভুলে লাভৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে(heart attack prevention)। ইয়াৰ উপৰিও খোজ কঢ়া, সাঁতোৰ, চাইকেল চলোৱা, দৌৰা আদি কাম কৰিও হাৰ্ট এটেকৰ পৰা হাত সাৰিব পাৰি । একে সময়তে খাদ্যৰ পৰিৱৰ্তন, ধূমপান আৰু মদৰ পৰা দূৰত্ব আদি বদ অভ্যাসসমূহ ত্যাগ কৰা বা এৰি দিয়াটোও অতি প্ৰয়োজনীয় ।

লগতে পঢ়ক:Overhydration: গৱেষণাই কৈছে অধিক পানী খায়েই মৃত্যুক সাৱটিছিল ব্ৰুচ লীয়ে

ABOUT THE AUTHOR

...view details