আপোনাৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰক (Some tips for a healthy relationship) । সম্পৰ্ক যিমানেই পুৰণি নহওক কিয়, এই টিপচ্ সমূহ পালন কৰি আপুনি আপোনাৰ সম্পৰ্ক সদায় সজীৱ কৰি ৰাখিব পাৰিব-
১) সংগীৰ সৈতে সংঘাত হ্ৰাস কৰা: আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত হোৱা কথা-বতৰাই সম্পৰ্কৰ গভীৰতা বৃদ্ধি কৰিব পাৰে । ইয়াৰ জৰিয়তে আপোনাৰ মেজাজ, স্বাস্থ্য আৰু সম্পৰ্ক ভাল কৰি ৰখা সম্ভৱ (Make a strong Relationship with your partner)। সংগীৰ লগত হোৱা সমস্যা হ্ৰাস কৰিবলৈ আৰু সম্পৰ্কৰ ভেটি শক্তিশালী কৰিবলৈ কথোপকথন অতি উপযোগী ৷
২)প্ৰেম বিভিন্ন ধৰণে প্ৰকাশ কৰক: সংগীৰ লগত প্ৰেমৰ আদান-প্ৰদান আপুনি বিভিন্ন ধৰণে কৰিব পাৰে । সংগীৰ মাজত প্ৰেম বিলাই ইজনে আনজনৰ সম্পৰ্ক সুদৃঢ় কৰাটো প্ৰয়োজনীয় । প্ৰতিদিনে টেক্সট, ভিডিঅ’ কলৰ জৰিয়তে নিজৰ চিন্তা-চৰ্চাৰ আদান-প্ৰদান কৰিব পাৰে । ফলত আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ।