অসম

assam

ETV Bharat / sukhibhava

Homemade Face Wash: গাখীৰৰ সহায়ত এনেদৰে ঘৰতে তৈয়াৰ কৰক ফেচ ৱাছ, বৃদ্ধি হ’ব ছালৰ উজ্বলতা-দূৰ হ’ব আদ্ৰতা - How To Use Milk Face Wash

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে গাখীৰৰ ফেচ ৱাছ তৈয়াৰৰ পদ্ধতি । গাখীৰে আপোনাৰ ছালখন গভীৰভাৱে আৰ্দ্ৰ কৰি ৰাখে । যদি আপুনি ছালৰ শুকান অৱস্থাৰ বাবে অসুবিধা অনুভৱ কৰিছে, তেন্তে গাখীৰৰ ফেচ ৱাছ আপোনাৰ বাবে সৰ্বোত্তম হ’ব পাৰে, গতিকে আহক জানো ঘৰতে গাখীৰৰ ফেচ ৱাছ কেনেকৈ তৈয়াৰ কৰিব পাৰি ।

ash at home with the help of milk, skin will become glowing, dryness will go away
গাখীৰৰ সহায়ত এনেদৰে ঘৰতে তৈয়াৰ কৰক ফেচ ৱাছ, বৃদ্ধি হ’ব ছালৰ উজ্বলতা-দূৰ হ’ব আদ্ৰতা

By

Published : Jun 20, 2023, 9:07 PM IST

How To Use Milk Face Wash: গাখীৰ হৈছে এক সম্পূৰ্ণ খাদ্য যি কেৱল আপোনাৰ শৰীৰৰ বাবেই নহয় আপোনাৰ ছালৰ বাবেও অতি উত্তম । এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো ঘৰতে গাখীৰ ফেচ ৱাছ তৈয়াৰৰ পদ্ধতি । গাখীৰে আপোনাৰ ছালখন গভীৰভাৱে আৰ্দ্ৰ কৰি ৰাখে । যদি আপুনি ছালৰ শুকান অৱস্থাৰ বাবে অসুবিধা পাইছে, তেন্তে গাখীৰৰ ফেচ ৱাছে আপোনাৰ বাবে সৰ্বোত্তম বিকল্প হ’ব পাৰে । ই আপোনাৰ ছালখন কোমল আৰু গ্লোয়িং কৰি তোলে । ঘৰতে গাখীৰৰ ফেচ ৱাছ বনোৱাটোও অতি সহজ, গতিকে জানো আহক (How To Use Milk Face Wash) ঘৰতে কেনেকৈ অতি সহজে গাখীৰৰ ফেচ ৱাছ তৈয়াৰ কৰিব পাৰি.....

গাখীৰৰ ফেচ ৱাছ বনাবলৈ উপকৰণ-

১/২ কাপ গাখীৰ

এক চিকুট হালধি

২ চামুচ মৌ

গাখীৰৰ ফেচ ৱাছ কেনেকৈ বনাব ? (How To Make Milk Face Wash)

  • গাখীৰৰ ফেচ ৱাছ তৈয়াৰ কৰিবলৈ প্ৰথমে এখন কেৰাহী লওক ।
  • তাৰ পিছত তাত গাখীৰ দি অলপ ডাঠ হোৱালৈকে উতলিব দিয়ক ।
  • ইয়াৰ পিছত আপুনি ইয়াক ঠাণ্ডা হ’বলৈ এৰি দিয়ক ।
  • তাৰ পিছত তাত মৌ আৰু হালধি দিব ।
  • ইয়াৰ পিছত এই সকলোবোৰ ভালকৈ মিহলাই লওক ।
  • এতিয়া আপোনাৰ মিল্ক ফেচ ৱাছ তৈয়াৰ হৈছে ।

গাখীৰৰ ফেচ ৱাছ কেনেকৈ ব্যৱহাৰ কৰিব ? (How To Use Milk Face Wash)

  • গাখীৰৰ ফেচ ৱাছ ব্যৱহাৰ কৰাৰ আগতে মুখখন পানীৰে পৰিষ্কাৰ কৰিব লাগে ।
  • তাৰ পিছত আপুনি প্ৰস্তুত কৰা ফেচ ৱাছৰ সহায়ত মুখখন পৰিষ্কাৰ কৰে ।
  • ইয়াৰ বাবে হাতেৰে মুখখন চাৰ্কুলেচন মোচনত মালিচ কৰক ।
  • তাৰ পিছত সাধাৰণ পানীৰে মুখখন ধুব ।
  • ইয়াৰ ফলত আপোনাৰ ছালখন কোমল আৰু চিকচিকিয়া দেখা যায় ।

লগতে পঢ়ক:Litchi Benefits and Side Effects: অধিকাংশ ভাৰতীয়ৰে প্ৰিয় লিচু খোৱাৰ সঠিক পৰিমাণ তথা খোৱাৰ সঠিক সময় কি ?

লগতে পঢ়ক:International Yoga Day 2023: ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ভাল নিদ্ৰাৰ বাবে কৰক এই যোগাসন, পদ্ধতি জানি লওক

ABOUT THE AUTHOR

...view details