মাধুৰী দীক্ষিতৰ স্বামী ড৹ শ্ৰীৰাম নেনেও তেওঁৰ পত্নীতকৈ কম বিখ্যাত নহয় ৷ ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থাকে ড৹ শ্ৰীৰাম নেনে ৷ নিজৰ ইউটিউব চেনেলৰ যোগেদি তেওঁ প্ৰায়েই স্বাস্থ্য সম্বন্ধীয় কিবা নহয় কিবা তথ্য শ্বেয়াৰ কৰে ৷ লগতে তেওঁ বিভিন্ন ৰোগীৰ সুবিধাৰ্থে স্বাস্থ্য সম্বন্ধীয় বহু পৰামৰ্শ আগবঢ়ায় ৷ শেহতীয়াকৈ তেওঁ আঁঠু সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে ৷ আজি সেই সম্পৰ্কে জানো আহক-
শৰীৰৰ ওজনৰ ৮০ শতাংশ বহন কৰে আঁঠুয়ে
শ্ৰীৰাম নেনেয়ে কয় যে, আঁঠুৰ বৰ্ধিত সমস্যাসমূহৰ ভিতৰত আঁঠু প্ৰতিস্থাপন অস্ত্ৰোপচাৰ আজিৰ সময়ত একেবাৰে সচৰাচৰ হৈ পৰিছে ৷ আঁঠুয়ে আমাৰ শৰীৰৰ ওজনৰ ৮০ শতাংশ বহন কৰে ৷ যাৰ বাবে আমি আঁঠু দুটাক প্ৰাকৃতিকভাৱে স্বাস্থ্যৱান ৰখাটো অতি গুৰুত্বপূৰ্ণ ৷ তেওঁৰ মতে, নিজকে শাৰীৰিকভাৱে সক্ৰিয় ৰাখিলে আঁঠু স্বাস্থ্যৱান হৈ থাকে ৷ ইয়াৰ বাবে আপুনি নিয়মীয়াকৈ কেতবোৰ ব্যায়াম যেনে সাঁতোৰ, দৌৰা, চাইকেল চলোৱা আৰু খোজ কাঢ়িব পাৰে ৷
ব্যায়াম কৰাৰ পূৰ্বে 'ৱাৰ্মআপ' কৰিব
নেনেয়ে কয় যে, কেৱল বগাবলৈকে নহয়, খোজ কাঢ়িবলৈ, বেঁকা হ'বলৈ, জঁপিয়াবলৈ, নৃত্য কৰিবলৈ,তলৰ পৰা কিবা তুলিবলৈ আপুনি আঁঠুৰ আশ্ৰয় ল'বই লাগিব ৷ আঁঠু দুটা কান্ধ, ডিঙি আৰু পিঠিৰ দৰেই গুৰুত্বপূৰ্ণ ৷আঁঠুক সুস্থ কৰিবলৈ ব্যায়াম কৰাৰ আগতে 'ৱাৰ্মআপ' কৰাটো খুবেই গুৰুত্বপূৰ্ণ ৷