অসম

assam

ETV Bharat / sukhibhava

কৰ্মস্থলীত দীৰ্ঘ সময়লৈকে বহি থকাৰ ফলত কঁকালৰ বিষ বৃদ্ধি হৈছে নেকি ? তেন্তে কৰক এই কাম

Lower Back Pain: কৰ্মস্থলীত বহি কাম কৰা লোকসকলে প্ৰায়ে কঁকালৰ তলৰ অংশৰ বিষৰ সমস্যাত ভোগে । ইয়াৰ এটা প্ৰধান কাৰণ হ’ল দীৰ্ঘসময়লৈকে একেটা অৱস্থাতে বহি থকা অৱস্থাত কাম কৰা । দ্বিতীয় কাৰণটো হ’ল বহাৰ ভুল ভংগীমা । যদি আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে প্ৰথমে বহাৰ ভংগীমা উন্নত কৰক । ইয়াৰ লগতে এই পদ্ধতিসমূহৰ জৰিয়তে এই সমস্যাৰ পৰা সকাহ লাভ কৰক ।

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 12:10 PM IST

Lower back pain has started due to sitting job, so get relief from it with the help of these exercises
কৰ্মস্থলীত দীৰ্ঘ সময়লৈকে বহি থকাৰ ফলত কঁকালৰ বিষ বৃদ্ধি হৈছে নেকি ? তেন্তে কৰক এই কাম

কেৱল ৱাশ্বৰুমলৈ যাবলৈ কামৰ সময়ত আসনৰ পৰা উঠি অহা মানুহবোৰৰ ভিতৰত আপুনিও আছে নেকি ? যদি উত্তৰটো হয়, তেন্তে আপুনি আপোনাৰ স্বাস্থ্যক লৈ হেতালি খেলি আছে ৷ কৰ্মব্যস্ততাৰ মাজত অলপ সময় বিৰতি লোৱাত নিশ্চয় কিছু সময় লাগে, কিন্তু ই আপোনাৰ শৰীৰৰ বাবে খুবেই জৰুৰী৷ কম্পিউটাৰ বা লেপটপৰ সন্মুখত বহি অবিৰতভাৱে কাম কৰিলে চকু, ডিঙি আৰু কঁকালৰ তলৰ অংশৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

এক গৱেষণাৰ মতে, কঁকালৰ তলৰ অংশৰ লগত জড়িত অধিকাংশ সমস্যা এটা ঠাইত বেছি সময় বহি থকা বা বেয়া ভংগীমাত বহি থকাৰ বাবেই হয় ৷ যদি আপোনাৰ কঁকালৰ তলৰ অংশতো সামান্য বিষ হয়, তেন্তে ইয়াক আওকাণ নকৰিব, বৰঞ্চ এই সমস্যাৰ পৰা যিমান পাৰি সোনকালে মুক্তি পাবলৈ লোৱা ব্যৱস্থাসমূহৰ প্ৰতি গুৰুত্ব দিয়ক ৷ য’ত ইয়াত দিয়া টিপছবোৰ সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে-

কঁকাল টানি ধৰা

  • নিজৰ ঠাইত থিয় হওক ৷
  • দুয়োখন হাত ডেস্কত ৰাখক ৷
  • ভৰি দুখন অলপ পিছলৈ লৰচৰ কৰক ৷
  • এতিয়া উশাহ লওঁতে ডিঙিটো ওপৰলৈ তুলি কঁকালটো তললৈ হেঁচা মাৰি ধৰিব ৷
  • দুবাৰৰ পৰা তিনিবাৰ এই ষ্ট্ৰেচিং কৰিলে কঁকালৰ তলৰ অংশৰ বিষৰ কোনো সমস্যা নহয় আৰু যদি আছে তেন্তে ই আপোনাক যথেষ্ট সকাহ দিয়ে ৷

শৰীৰৰ ওপৰৰ অংশ টানি ধৰা

ধাৰাবাহিকভাৱে বহি থকা আৰু ভুল ভংগীমাৰ বাবে কেৱল কঁকালত বিষ হোৱাই নহয়, ডিঙি আৰু পিঠিতো বিষ হয় ৷ ইয়াক দূৰ কৰিবলৈ শৰীৰৰ ওপৰৰ অংশ ষ্ট্ৰেচ কৰক ৷

  • চকীত চিধাকৈ বহক ৷
  • এখন হাত কঁকালত বেঁকা কৰি ওপৰৰ পৰা পিঠিৰ পিছফালে ৰাখক ৷ আনখন হাত কঁকালত বেঁকা কৰি তললৈ লৈ যাওক ৷ এতিয়া দুয়োখন হাত ধৰিবলৈ চেষ্টা কৰক৷ হাত দুখন সংযোগ হ’লে মূৰটো পোন কৰি আগলৈ চাই কেইছেকেণ্ডমান ধৰি ৰাখিব ৷

কাষলৈ টানি ধৰা

  • ইয়াত বাওঁহাতখন সোঁহাতৰ আঁঠুত থৈ সোঁহাতখন মূৰৰ ওপৰলৈ লৈ বাওঁফালে কুঁজৰাই লওক ৷ আগলৈ নহয় কাষলৈ বেঁকা হোৱাটো মনত ৰাখিব ৷ ইয়াৰ ফলত কঁকালৰ তলৰ অংশৰ বিষৰ পৰাও আপুনি উপশম লাভ কৰিব ৷
  • সিটো ফালৰ পৰাও একে প্ৰক্ৰিয়া কৰক ৷
  • এই ব্যায়ামটো দুবাৰৰ পৰা তিনিবাৰকৈ কৰক ৷

লগতে পঢ়ক:কেতিয়াবা ভাবিছেনে নখ-চুলি কাটিলে আমি কিয় বিষ অনুভৱ নকৰো

ABOUT THE AUTHOR

...view details