যকৃত বা লিভাৰ আমাৰ শৰীৰৰ অন্যতম এক গুৰুত্বপূৰ্ণ অংগ ৷ কিন্তু দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে লিভাৰ চৰ্বিযুক্ত হৈ ইয়াৰ আকাৰ নিৰন্তৰভাৱে বৃদ্ধি হৈ গৈ থাকে ৷ যাক ফেটি লিভাৰ বুলি কোৱা হয় ৷ ফেটি লিভাৰত ভুগি থকা ব্যক্তি এজনৰ হজম ক্ষমতাও দুৰ্বল হৈ পৰে ৷ ইয়াৰ ফলত লিভাৰৰ অৱস্থাও ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰে ৷ এনে হ'লে লিভাৰ সংৰোপণৰ বাহিৰে আন কোনো উপায় নাই ৷ আপোনাৰ লিভাৰৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লে শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে ৷ এই লক্ষণবোৰ হৈছে-
- শৰীৰত দুৰ্বল আৰু ভাগৰ অনুভৱ কৰা
- খাদ্য হজম কৰাৰ ক্ষমতা হ্ৰাস
- ওজন হ্ৰাস
- পেটৰ বিষ
- সোঁফালে পেটৰ ওপৰভাগ ফুলা
- ওকালি অহা
বিশেষজ্ঞসকলৰ মতে, ফেটি লিভাৰৰৰ আৰম্ভণিতে কোনো লক্ষণ নাথাকে ৷ কিন্তু যেতিয়া আপোনাৰ লিভাৰৰ অধিকাংশই ক্ষতিগ্ৰস্ত হয়, তেতিয়া শৰীৰত কিছুমান লক্ষণ দেখা দিব পাৰে ৷ এই সমস্যা বাঢ়ি অহাৰ লগে লগে লক্ষণবোৰো বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ৷ যাৰ বাবে ৰোগীৰ লিভাৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হ'লেহে ফেটি লিভাৰৰ সমস্যা ধৰা পৰে ৷ এই লক্ষণবোৰে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লৈ সম্পূৰ্ণৰূপে চিকিৎসা কৰাব ৷ ফেটি লিভাৰৰ লক্ষণ সাধাৰণতে ৪০-৬০ বছৰ বয়সতহে দেখা যায় ৷