সনাতন ধৰ্মত বিশ্বাসী লোকসকলে শাওণত প্ৰতিদিনে মহাদেৱ আৰু মা পাৰ্বতীৰ আৰাধনা কৰে । ইয়াৰ উপৰিও শাওণৰ প্ৰতি সোমবাৰে উপবাস পালন কৰে একাংশ ভক্তই । শাওণৰ প্ৰতি সোমবাৰে ভগৱান শিৱৰ জলাভিষেক সম্পন্ন কৰাৰো বিশেষ গুৰুত্ব আছে ।
ধৰ্মীয় বিশ্বাস অনুসৰি যদি আপুনি শাওণ মাহৰ প্ৰতি সোমবাৰে মহাদেৱৰ শিৱলিংগৰ জলাভিষেক কৰা হয়, তেন্তে মহাদেৱ সন্তুষ্ট হয় আৰু তেওঁৰ কৃপাত ভক্তৰ সকলো ইচ্ছা পূৰণ হয় । আকাংক্ষিত ফল লাভ হয় । অযোধ্যাৰ বিখ্যাত জ্যোতিষীৰ মতে, পবিত্ৰ শাওণ মাহৰ প্ৰতি সোমবাৰে যদি ভক্তই ৰাশি অনুযায়ী দান ধৰ্ম কৰে তেতিয়া সেই ব্যক্তিয়ে মহাদেৱৰ অসীম কৃপা লাভ কৰিবলৈ সক্ষম হয় ।
ৰাশি অনুসৰি দান কৰক এইসমূহ সামগ্ৰী
কুম্ভ ৰাশি:কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে মন্দিৰলৈ গৈ এডাল ঝাৰু দান কৰিব লাগে ।
মীন ৰাশি:মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰতি সোমবাৰে বুটৰ দাইল, গাখীৰ আৰু চাউল দান কৰিব লাগে ।
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে ভক্তিৰে সোমবাৰে গাখীৰ, দৈ আৰু ক’লা তিল দান কৰিব লাগে ।
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে হালধীয়া ৰঙৰ কাপোৰ দান কৰিব লাগে ।
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে শাওণৰ প্ৰতি সোমবাৰে গাখীৰ, দৈ, ঘিউ আৰু বগা বস্ত্ৰ আদি দান কৰিব লাগে ।