অসম

assam

Pregnancy diet chart: মহিলাসকলে গৰ্ভধাৰণৰ 1 মাহৰ পৰা 9 মাহলৈ কি কি খাদ্য গ্ৰহণ তথা বৰ্জন কৰিব লাগে জানি লওক

By

Published : May 16, 2023, 8:02 PM IST

গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ সম্পূৰ্ণ যত্ন লোৱা উচিত (Pregnancy diet chart) । এই সময়ছোৱাত খাদ্য আৰু অন্যান্য দিশৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগে । সেয়েহে জানি লওঁ আহক গৰ্ভধাৰণৰ এমাহৰ পৰা নমাহলৈকে কি খাব লাগে কি খাব নালাগে...

Learn what pregnant women should and should not eat from 1 month to 9 months
গৰ্ভৱতী মহিলাই এক মাহৰ পৰা ন মাহলৈ কি খাব লাগে কি খাব নালাগে জানি লওক

চিটাৰা ডেস্ক, 16 মে’: গৰ্ভাৱস্থাত গ্ৰহণ কৰিবলগীয়া খাদ্যৰ সন্দৰ্ভত চিকিৎসকে প্ৰায়ে পৰামৰ্শ দিয়ে (Health tips pregnancy time) । মাতৃ আৰু সন্তান উভয়ে যাতে সুস্থ হৈ থাকে তাৰ বাবে গৰ্ভৱতী মহিলাই কি খাব লাগে আৰু কি খাব নালাগে সেই বিষয়ে সকলো কথা চিকিৎসকে দিহা-পৰামৰ্শ আগবঢ়ায় ৷ খাদ্য বিশেষজ্ঞসকলৰ মতে, গৰ্ভৱতী মহিলাই নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগে (Pregnancy Diet Tips)। যিহেতু এই সময়খিনি অতি স্পৰ্শকাতৰ, সেয়ে খাদ্যৰ যত্ন লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ । কিন্তু বেছিভাগ মহিলাই এই বিষয়ে সম্পূৰ্ণৰূপে জ্ঞাত নহয় ৷ ফলস্বৰূপে তেওঁলোকে প্ৰসৱৰ সময়ত বিভিন্ন জটিলতাৰ সন্মুখীন হ’বলগীয়া হয় (Pregnancy full diet chart for 9 months)।

১ মাহৰ পৰা ৯ মাহৰ অন্তঃসত্বা মহিলাই কি কি খাব লাগে আৰু কি খাব নালাগে সেই বিষয়ে খাদ্য বিশেষজ্ঞৰ পৰামৰ্শসমূহ জানো আহক...

১ মাহৰ পৰা ৩ মাহলৈ কি খাব লাগে

গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত আতংকিত হ’ব নালাগে । এইখিনি সময়ত কিছুমান বিশেষ কথাৰ প্ৰতি যত্ন ল’ব লগা হয় (Health tips for pregnancy) । বেছি দূৰলৈ যাত্ৰা নকৰিব । অমিতা, আনাৰস আৰু কঁঠাল খোৱাৰ পৰা বিৰত থাকক । যিমান পাৰে পানী খাব লাগে আৰু সময় মতে খাদ্য গ্ৰহণ কৰিব লাগে । এই সময়ত বমি হৈ থাকে, গতিকে ঘৰতে বনোৱা ফলৰ ৰসহে খাব । পাৰ্যমানে তৰল খাদ্য গ্ৰহণৰ ওপৰত গুৰুত্ব দিব লাগে ।

৩ ৰ পৰা ৬ মাহলৈ কি কৰিব লাগে আৰু কি কৰিব নালাগে

চিকিৎসকৰ মতে, গৰ্ভাৱস্থাৰ তিনিৰ পৰা ছমাহলৈকে শৰীৰৰ ওজন বৃদ্ধি হয় (Healthy diet chart for pregnancy)। শিশুৰ বিকাশত ই সহায়ক বুলি কোৱা হয় । গৰ্ভস্থ শিশুৰ হাঁড় আৰু পেশী গঠনত গুৰুত্ব দিব লাগে । আইৰণ, কেলচিয়াম, ফলিক এচিডযুক্ত খাদ্য খাব লাগে । এই সময়চোৱাত পৰিপূৰক খাদ্য খোৱা ভাল । পাচনতন্ত্ৰৰ প্ৰতিও মনোযোগ দিয়া প্ৰয়োজন । এনেবোৰ বস্তুহে খাব যিবোৰ সহজে হজম হয় । গাখীৰ-দৈ আৰু সেউজীয়া শাক-পাচলি খাব ।

৭ মাহৰ পৰা ৯ মাহৰ সময়ছোৱাত কি কৰিব লাগে

চিকিৎসকৰ মতে, প্ৰসৱৰ সময়ছোৱাত মাতৃৰ তেজৰ পৰিমাণ হ্ৰাস পায় । ফলত প্ৰসৱৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয় । অৱশ্যে কিছুমান সহজ পদ্ধতি গ্ৰহণ কৰি সেইবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । কেলচিয়াম আৰু ভিটামিন E যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক । লগতে শৰীৰত কি কি উপাদানৰ প্ৰয়োজন সেই বিষয়েও গুৰুত্ব দিব (Health tips pregnancy)।

প্ৰসৱৰ সময়ত সেউজীয়া পাত, কিৱি, কমলা, বুটমাহ খালে ৰক্তহীনতা ভাল হয় । প্ৰতিদিনে কমেও ১ লিটাৰ গাখীৰ খাব লাগে । ইয়াৰ দ্বাৰা আপুনি কেলচিয়াম পাব আৰু ই উপকাৰী । নাৰিকল খাব আৰু প্লেটত ৫০ শতাংশ ৰুটি-ভাত আৰু দালি আৰু অন্যান্য বস্তু অন্তৰ্ভুক্ত কৰক ।

লগতে পঢ়ক:National Dengue Day: ডেংগুৰ লক্ষণ তথা ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি জানি লওক

ABOUT THE AUTHOR

...view details