অসম

assam

ETV Bharat / sukhibhava

Sara Ali Khan's beauty secret: কিদৰে ঘৰুৱা সামগ্ৰীৰে নিজৰ ছালৰ যতন লয় ছাৰা আলী খানে - ছাৰা আলী খান

বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ছাৰা আলী খান দেশবাসীৰ মাজত খুব বেছি জনপ্ৰিয় এইগৰাকী অভিনেত্ৰীয়ে আনুবংশিকভাৱেই লাভ কৰিছে তেওঁৰ অতুলনীয় সৌন্দৰ্য ৷ এসময়ত যাৰ সৌন্দৰ্যত মতলীয়া আছিল সমগ্ৰ দেশ, তেওঁৰেই কন্যা ছাৰা আলী খান ৷

Learn the secret of Sara Ali Khan's buttery cheeks
ঘৰুৱা সামগ্ৰীৰে নিজৰ ছালৰ যতন লয় ছাৰা আলী খানে

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:57 PM IST

বলীউডত সকলো সময়তে চৰ্চাত থকা অন্যতম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে ছাৰা আলী খান ৷ বলীউডৰ মোহময়ী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ছাৰা আলী খান ৷ দেশবাসীৰ মাজত খুব বেছি জনপ্ৰিয় এইগৰাকী অভিনেত্ৰীয়ে আনুবংশিকভাৱেই লাভ কৰিছে তেওঁৰ অতুলনীয় সৌন্দৰ্য ৷ ছৈফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খান বৰ্তমান বলীউড জগতত খুবেই জনপ্ৰিয় ৷ অমৃতা সিং যাৰ বাবে এসময়ত সৌন্দৰ্যত মতলীয়া আছিল সমগ্ৰ দেশ, তেওঁৰেই কন্যা ছাৰা আলী খান ৷

হয়, প্ৰখ্যাত অভিনেত্ৰী অমৃত সিঙৰ একমাত্ৰ কন্যা ছাৰা আলী খান ৷ কিন্তু, এনে উত্তৰাধিকাৰী হোৱাৰ পিছত নিজৰ সৌন্দৰ্য বজাই ৰখাটোও ছাৰাৰ বাবে এটা প্ৰত্যাহ্বান ৷ সেয়া ছাৰাইও ছাগৈ ভালদৰে উপলব্ধি কৰিব পাৰিছে ৷ সেয়েহে তেওঁ বজাৰৰ নামী-দামী প্ৰসাধনৰ বিপৰীতে সৌন্দৰ্যচৰ্চাৰ বাবে সহায় লয় সকলো ঘৰুৱা প্ৰতিকাৰৰ ৷

ছাৰাই জনোৱা মতে, তেওঁৰ ছাল-চুলিৰ যত্নৰ বাবে ঘৰুৱা সামগ্ৰী কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেয়া তেওঁৰ মাতৃৰ পৰা শিকিছিল ৷আজি ছাৰাৰ মসৃণ ছালৰ ৰহস্যৰ বিষয়ে জানো আহক-

শেহতীয়া এক সাক্ষাৎকাৰত ডাঠ চুলি আৰু উজ্জ্বল ছাল সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ‘পিঁয়াজেই হৈছে মোৰ আকৰ্ষণীয় ছাল-চুলিৰ ৰহস্য ৷ গৱেষণাতো দেখা গৈছে যে, পিঁয়াজৰ ফেচপেক ব্যৱহাৰ কৰিলে ছালত যাদুকৰী ফলাফল পোৱা যায় ৷আজিলৈকে আপুনি হয়তো পিঁয়াজ কেৱল চুলিৰ বাবেহে উপকাৰী বুলি জ্ঞাত আছিল ৷ কিন্তু পিঁয়াজ চুলিৰ লগতে ছালৰ বাবেও যথেষ্ট উপকাৰী ৷ সেয়েহে আপুনিও চুলিৰ লগতে ছালৰ যত্নটো পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে ৷

ছালত পিঁয়াজ প্ৰয়োগ কৰাৰ উপকাৰিতা

১)পিঁয়াজ ছালফাৰ সমৃদ্ধ ৷ শালমইনা থকা ছাল স্বাস্থ্যৱান কৰি ৰখাৰ বাবে ছালফাৰ অতি গুৰুত্বপূৰ্ণ ৷

২) ছালত পিঁয়াজ প্ৰয়োগ কৰিলে ছালৰ বৰণ উন্নত হয় ৷

৩)ভিটামিন-এ, চি, ই সমৃদ্ধ হোৱাৰ বাবে মুখত পিঁয়াজ প্ৰয়োগ কৰিলে এণ্টিএজিঙৰ সমস্যা সমাধান কৰে ৷

৪) পিঁয়াজত তথা উপাদানে ছালক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে আৰু ছালখনত বয়সৰ চাপ পৰিবলৈ নিদিয়ে ৷

৫) যদি ছালত বহুতো দাগ থাকে, তেনেহ'লে পিঁয়াজৰ পৰা প্ৰস্তুত কৰা ফেচপেক প্ৰয়োগ কৰিলে আপুনি মাত্ৰ দুই সপ্তাহৰ ভিতৰতে ফলাফল লাভ কৰিব ৷

৬)যদি ছাল অতি তৈলাক্ত বা অতি সংবেদনশীল হয়, তেন্তে পিয়াজৰ ৰস প্ৰয়োগ কৰক ৷ ই আপোনাৰ ছালখনক সকলো প্ৰকাৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা আঁতৰত ৰাখিব ৷

  • এইদৰে তৈয়াৰ কৰা হয় পিঁয়াজৰ ফেচপেক
  • পিঁয়াজখিনি গুৰি কৰি ইয়াৰ পৰা ডেৰ চামুচ ৰস উলিয়াই লওঁক ৷
  • এক চামুচ নেমুৰ ৰস, এক চামুচ মৌ লওঁক ৷
  • একৰ পৰা ডেৰ চাহ চামুচ বেচন লওঁক ৷
  • সকলো উপাদান ভালদৰে মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক ৷ এই পেষ্টটো মুখ আৰু ডিঙিত ভালদৰে প্ৰয়োগ কৰি ২৫ মিনিটৰ পিছত মুখখন ধুই পেলাব ৷
  • এই ফেচ পেকটো সপ্তাহত তিনিবাৰ ব্যৱহাৰ কৰক আৰু আপুনি মাত্ৰ দুই সপ্তাহৰ ভিতৰতে পাৰ্থক্য দেখিব ৷

লগতে পঢ়ক:Dry Eyes: চকু বাৰে বাৰে শুকাই যোৱাৰ বাবে অশান্তি পাইছে নেকি ? এই খাদ্যসমূহে দিব উপশম

For All Latest Updates

ABOUT THE AUTHOR

...view details