গৰমৰ সময়ছোৱাত কেনেদৰে ল'ব ছালৰ যতন গৰমৰ দিনকেইটাত প্ৰতিজন লোকে সতেজ হৈ থাকিবৰ বাবে নিজৰ ছাল আৰু চুলিৰ যতন ল'ব লাগে । এই দিন কেইটাত চান টেনিং নহ’বৰ বাবে সকলোৱে মশ্বেৰাইজাৰ, চানচ ক্ৰীম আদি ব্যৱহাৰৰ কৰিব লাগে । চানচ ক্ৰীম ব্যৱহাৰো কিছু নিয়ম আছে । চানচ ক্ৰীম সদায় জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি লগাব লাগে ।
উত্তৰ-পূৰ্বাঞ্চলত সাধাৰণতে জলবায়ু সঘনাই সলনি হৈ থাকে । সেয়েহে যেতিয়া তাপমাত্ৰা ৩৫ ডিগ্ৰীৰ পৰা ৪০ ডিগ্ৰী ছেলচিয়াচ হয়, সেই সময়ছোৱাত বাহিৰলৈ ওলাই যোৱা লোক সকলে এছ পি এফ( SPF) ৩০ চানচ ক্ৰীম ব্যৱহাৰৰ কৰিব লাগে ।
যেতিয়া মুখখন ঘামে তেতিয়া তিতা কাপোৰৰ মুখখন মোহাৰি পুনৰ চানচ ক্ৰীম লগাব লাগে । বাহিৰলৈ যোৱা লোকসকলে প্ৰতি তিনি ঘণ্টাৰ মূৰে মূৰে এনেকৈ চানচ ক্ৰীম লগাব লাগে । ঘৰৰ দিনকেইটাত খোৱা বোৱাৰ ওপৰতো যতন ল'ব লাগে । এই সময়চোৱাত প্ৰচুৰ পৰিমাণে পানী খাব লাগে। লগতে ডাৱৰ পানী, ফলৰ ৰস আদি খাই থাকিব লাগে ।
ঘৰুৱা পদ্ধতিৰে কি দৰে ছালৰ যতন ল’ব পাৰি
গৰমৰ সময়চোৱাত কিছু ঘৰুৱা পদ্ধতিৰেও ছালৰ যতন ল'ব পৰা যায় । দৈ, মছুৰ দাইলৰ গুড়ি আৰু নেমু বা মৌচুমীৰ ৰসৰ মিশ্ৰণ তৈয়াৰ কৰি মুখ আৰু ডিঙিৰ লগাব পৰা যায় । এনেদৰে প্ৰায় ১৫ মিনিট মান সময় লগোৱাৰ পিচত মুখখন ধুই দিব লাগে । এনেদৰে ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল হয় । আনহাতে অইলি স্কিনৰ লোকসকলে যদি বিলাহীৰ ৰস বা তিয়ঁহৰ ৰস নেমুৰ ৰসৰ সৈতে মিহলি কৰি লগাব পাৰে । প্ৰায় ২০ মিনিট মান সময় এনেদৰে ব্যৱহাৰ কৰাৰ পিচত মুখখন ধুই দিব লাগে ।
পুৰুষসকলে কেনেদৰে ছাল আৰু চুলিৰ যতন ল’ব
বৰ্তমান সময়তচোৱাত সৌন্দৰ্য্যৰ নাৰীৰ লগতে পুৰুষৰ সকলোও আগ্ৰহী হোৱা দেখা পোৱা গৈছে । পুৰুষসকলেও কিছু ঘৰুৱা পদ্ধতিৰে চান টেনিংৰ পৰা ৰক্ষা পাব পাৰে । সাধাৰণতে পুৰুষসকলৰ ছালখন মহিলাসকলৰ তুলনাত কিছু ডাঠ হয়। তেওঁলোকে চাউলৰ গুড়ি, টেঙা দৈ আৰু নেমুৰ ৰস মিহলি কৰি মুখত লগাব পাৰে । ২০ মিনিট মান এনেকৈ লগাই স্কাৰ্ব কৰি মুখ খন ধুই দিব লাগে ।
আনহাতে পুৰুষসকলৰ সাধাৰণতে উফিৰ সমস্যা দেখা যায় । উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মেঠী গুটি আৰু নেমু টেঙাৰ মিশ্রন তৈয়াৰ কৰি চুলিৰ গুৰিত লগাব পাৰে । এনে কৰিলে উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যাব ।
ঘৰুৱা পদ্ধতিৰে কেনেদৰে ছাল পৰীক্ষা কৰিব পাৰি
প্ৰাকৃতিক উপাদান ছালত কাৰণে যথেষ্ট উপকাৰী । কিন্তু প্ৰতিখন ছালত কিছু কিছু উপাদানে উপকাৰ সাধন নকৰিবও পাৰে । সেয়েহে ঘৰুৱা সমগ্রী ব্যৱহাৰৰ পূৰ্বে এটা ছালৰ পৰীক্ষা কৰি লব লাগে । সেয়েহে কাণৰ পিচফালে আপুনি তৈয়াৰ কৰা মিশ্ৰিৰ অকমান ১০-১৫ মিনিট মান সময় লগাই থব লাগে । যদিহে মিশ্ৰণ লগোৱা অংশ নখজুৱাই বা ৰঙা নপৰে তেতিয়া আপুনি আপোনাৰ মুখত লগাব পাৰে ।
এনেদৰে আপুনি গৰমৰ সময়চোৱাত ছালৰ যতন ল'ব পাৰিব । আৰু হাত সাৰি থাকিব পাৰিব সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰা আৰম্ভ কৰি আন সকলো ধৰণৰ ক্ষতিকাৰক সম্ভৱনাৰ পৰা ।
লগতে পঢ়ক:Respiratory infections in monsoon: বাৰিষাকালত বৃদ্ধি পাইছে উশাহ-নিশাহৰ সমস্য়া; আপোনাৰো আছে নেকি এই সমস্যা