অদমনীয় অভিনয় দক্ষতাৰ সমান্তৰালকৈ অতুলনীয় সৌন্দৰ্য অধিকাৰী বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন ৷ প্ৰতিগৰাকী যুৱতীয়েই ঐশ্বৰ্য ৰায়ৰ দৰে ধুনীয়া হ’বলৈ বিচাৰে ৷ বিশেষকৈ, ইমান মেকআপ আৰু ব্যস্ত সময়সূচীৰ পিছত কেনেকৈ তেওঁৰ মুখৰ সৌন্দৰ্য বজাই ৰাখিছে, সেই বিষয়ে নিশ্চিতভাৱে সকলোয়ে জানিবলৈ বিচাৰে ৷ ৫০ বছৰ বয়সতো ঐশ্বৰ্যৰ ছাল-চুলি একেবাৰে গাভৰুৰ দৰেই হৈ আছে ৷ শেহতীয়াকৈ ঐশ্বৰ্যয়ে তেওঁৰ সৌন্দৰ্যৰ ৰহস্য বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ৷ আজি এই বিষয়ে জানো আহক-
স্বাস্থ্যকৰ আহাৰেই হৈছে উজ্জ্বল ছালৰ ৰহস্য
ঐশ্বৰ্যৰ সৌন্দৰ্যৰ ৰহস্য হৈছে তেওঁৰ স্বাস্থ্যকৰ খাদ্য ৷ বিশ্বাস কৰা হয় যে, আপুনি যি খাদ্য খায়, সেয়া আপোনাৰ মুখতে প্ৰতিফলিত হয় ৷ঐশ্বৰ্যয়ে কেতিয়াও জাংক ফুড গ্ৰহণ নকৰে ৷ তেওঁ দৈনন্দিন খাদ্য তালিকাত ফল, পাচলি আৰু সতেজ ৰস অন্তৰ্ভূক্ত কৰে ৷ তদুপৰি, ঐশ্বৰ্যই যথেষ্ট পানী খায় ৷ পানীয়ে শৰীৰৰ পৰা সকলো বিষাক্ত বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে ৷
কমকৈ ঘনকৈ খায়
গোটেই দিনটোত কম সময়ৰ মূৰে মূৰে ঐশ্বৰ্যই লঘু আহাৰ গ্ৰহণ কৰি থাকে ৷ এই আহাৰৰ অধিকাংশই আঁহযুক্ত ৷
ধূমপান-সুৰাৰ পৰা দূৰত্ব
ঐশ্বৰ্যয়ে ধূমপান আৰু সুৰা কেতিয়াও সেৱন নকৰে ৷ এইসমূহ গ্ৰহণৰ ফলত মুখৰ ছাল কোঁচ খোৱাৰ লগতে ছালখনৰ উজ্জ্বলতা হ্ৰাস হয় ৷