প্ৰতিগৰাকী মহিলাই ধুনীয়া আৰু দেখাত সৰু হৈ থাকিবলৈ বিচাৰে ৷ কিন্তু ছালত বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত ছালখন বেয়া হৈ খুব সোনকালে বয়সীয়াল দেখা যায় ৷ এই চাপ দূৰ কৰিবলৈও বহুতে আকৌ বহু নামী-দামী ফেচিয়েল তথা আন বহুত চিকিৎসা কৰে ৷ কিন্তু এইসমূহৰ সলনি আপুনি আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন তথা খাদ্য তালিকাত কেতবোৰ বিশেষ খাদ্য অন্তৰ্ভূক্ত কৰিয়েই ছালত বয়সৰ চাপ নপৰাকৈ ৰাখিব পাৰে ৷ কি খাদ্য গ্ৰহণ কৰি আপুনি আপোনাৰ ছালখন সতেজ তথা কম বয়সীয়া কৰি ৰাখিব পাৰে, আজি জানো আহক-
মিঠা আলু
মিঠা আলুক অত্যন্ত পুষ্টি সমৃদ্ধ বুলি গণ্য কৰা হয় ৷ ই মুখৰ সূক্ষ্ম ৰেখা আৰু কোঁচ আঁতৰ কৰাত সহায় কৰে ৷ মিঠা আলু খালে কোলাজেন বৃদ্ধি হয় আৰু ছাল উজ্জ্বল হয় ৷
সেউজীয়া শাক পাচলি
সেউজীয়া শাক-পাচলিৰ বয়স-প্ৰতিৰোধী গুণাগুণ আছে ৷ ইয়াত অতি উচ্চ মানত ভিটামিন আৰু আঁহ থাকে ৷ এই পুষ্টিবোৰ দৈনিক গ্ৰহণ কৰিলে ছাল উজ্জ্বল হৈ উঠে ৷
বিলাহী
এণ্টি-এজিং খাদ্যৰ ভিতৰত বিলাহী অন্যতম ৷ বিলাহীত পোৱা লাইকোপেন নামৰ পুষ্টিয়ে ছাল টান কৰাত সহায় কৰে আৰু ছালক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰে ৷ বিলাহীতো ভিটামিন চি পোৱা যায়, যিয়ে ছালত কোলাজেন নিৰ্মাণত সহায় কৰে ৷