অসম

assam

ETV Bharat / sukhibhava

National Tea Day 2022: জানো আহক চাহ পানৰ কিছু উপকাৰিতা - চাহ

পুৱা সাৰ পোৱাৰ লগে লগে আমাৰ দিনটো এক চাহৰ সৈতে আৰম্ভণি হয় । পানীৰ পিছত চাহ আটাইতকৈ বেছি খোৱা পানীয় । ভাৰতীয় লোকে চাহপাতত বহুতো মছলা মিহলাই খায়, যেনে- আদা, ইলাচি, লং, তেজপাত আদি । আজি আমি আলোচনা কৰিম চাহৰ প্ৰকাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে-

Learn about the benefits of tea on the occasion of National Tea Day 2022
আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা

By

Published : Sep 21, 2022, 4:52 PM IST

চাহ, একাপ চাহ কাৰনো প্ৰিয় নহয় ? পুৱাৰ তন্দ্ৰালসতা কিম্বা গধূলিৰ ক্লান্তি-অৱসাদ দূৰ কৰিবলৈ আপুনি নিশ্চয় হাতত তুলি লয় একাপ চাহ (Uses of tea in Daily life)৷ তাতে আকৌ আমাৰ দেশত চাহ বুলি ক’লে অসমকেই বুজা যায় ৷ কেৱল অসম বা ভাৰততেই নহয়, সমগ্ৰ বিশ্বতেই চাহ পানীয় হিচাপে অতিকৈ সমাদৃত ৷

পুৱা সাৰ পোৱাৰ লগে লগে আমাৰ দিনটো এক চাহৰ সৈতেই আৰম্ভণি হয় । পানীৰ পিছত চাহ আটাইতকৈ বেছি খোৱা পানীয় । ভাৰতীয় লোকে চাহত বহুতো মছলা মিহলাই খায়, যেনে- আদা, ইলাচি, লং, তেজপাত আদি । আজি ৰাষ্ট্ৰীয় চাহ দিৱস ৷ চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে দেশ তথা বিশ্বত অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰা এই দিৱসৰ মূল লক্ষ্য ৷

আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা

সেয়ে ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে জানো আহক চাহৰ কেইবিধমান প্ৰকাৰ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে(Benefits of tea)-

Camellia sinensis নামৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয় । সেউজীয়া পাতৰ পৰা এই পাতবোৰ ছিঙি লোৱা হয়(Tea plant) । ইয়াৰ পিছত ইয়াক প্রচেছিং প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ধৰণে প্ৰস্তুত কৰা হয় । প্রচেছিং প্রক্রিয়াত প্রস্তুত কৰা ৫ প্রকাৰৰ চাহ হৈছে ব্লেক টি, বগা চাহ, হালধীয়া চাহ, ৱুলং চাহ আৰু চাইনিজ গ্ৰীণ টি ৷

প্ৰচেছিঙৰ বাবে চাহপাত ক’লা দেখা যায় । যিটো মানুহে প্ৰায়ে উতলাই খায় । অধিকাংশ লোকেই ব্লেট টি সেৱন কৰে, য’ত বিভিন্ন ধৰণৰ মছলা মিহলাই পান কৰা হয় । যেনে- আদা চাহ, ইলাচি চাহ, লং ইত্যাদি । এই মছলাবোৰৰ পৰা প্ৰস্তুত কৰা চাহত আমি আজি ইলাচি চাহ খোৱাৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম(Health benefits of drinking cardamom tea) ।

আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা
  • ইলাচি চাহ খোৱাৰ স্বাস্থ্য উপকাৰীতা:দৈনিক ইলাচি চাহ খালে হজম শক্তি বৃদ্ধি পায় । লগতে ই ছালৰ বাবেও স্বাস্থ্যকৰ । ইয়াৰ বাহিৰেও ইলাচি চাহ আপোনাৰ বাবে বহু দিশত উপকাৰী । এই বিষয়ে সবিশেষ জানো আহক-
  • ডিঙি বিষ:ইলাচি চাহ খালে ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰি । আচলতে ইলাচিৰ এন্টি-বেক্টেৰিয়েল গুণ আছে যিয়ে আপোনাক ডিঙিৰ বিষ আৰু চৰ্দিৰ পৰা মুক্তি দিবলৈ সহায় কৰিব পাৰে ।
  • পাচনতন্ত্ৰ শক্তিশালী হয়:পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক ইলাচি চাহ খাব লাগে । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে আপোনাৰ পাচনতন্ত্ৰক শক্তিশালী কৰিব পাৰে । ইয়াৰ বাহিৰেও ইলাচি চাহ খালে গেছ, বদহজম আদি সমস্যা দূৰ হয় ।
    আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা

ইলাচি চাহত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে । ইয়াৰ ফলত ভাইৰাছ আৰু বেক্টেৰিয়াৰ সমস্যা দূৰ হ’ব পাৰে । ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ।

আজি ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে আপোনালোকলৈ আগবঢ়াইছো চাহৰ উপকাৰিতা
  • ছালখন সুস্থ কৰি ৰখা

ইলাচি চাহ খালে ছালখন সুস্থ হৈ থাকে । ইয়াত থকা এন্টি অক্সিডেন্ট গুণে ছালখনক সুস্থ কৰি ৰখাৰ বাবে ফলপ্ৰসূ ।

লগতে পঢ়ক:চাহ সেৱনে Type 2 Diabetesৰ আশংকা হ্ৰাস কৰে: অধ্যয়ন

ABOUT THE AUTHOR

...view details