কেৱল নাৰিকলেই নহয় ইয়াৰ মলাইয়ো স্বাস্থ্যৰ বাবেও অতি উপকাৰী । নাৰিকলৰ মলাইত প্ৰ’টিন, তাম আৰু মেংগানিজৰ দৰে বহুতো পুষ্টিকৰ উপাদান থাকে । হাড়ৰ বাবে তাম অতি উপকাৰী । ইয়াৰ লগতে ই হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ কাম কৰে । নাৰিকল মলাই খালে আপোনাৰ মেটাবলিজমৰ হাৰো বৃদ্ধি পায় ।
কেৱল নাৰিকল মলাইয়েই নহয় ইয়াৰ, তেল, গাখীৰ আৰু আন বহু ধৰণেও খাব পাৰে । নাৰিকল মলাইয়ে আপোনাৰ স্বাস্থ্যৰ বাবে আন বহুতো উপকাৰো প্ৰদান কৰে। ইয়াত জানো আহক ।
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে নাৰিকল মলাইউপকাৰী । ইয়াৰ ফলত ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় । হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ আঁতৰাই ৰাখে । ই বেয়া কলেষ্টেৰল হ্ৰাস কৰে ।
পাচনতন্ত্ৰ
নাৰিকল মলাইত আঁহ বেছি থাকে । নাৰিকল মলাইখালে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে । ইয়াৰ বাবে ৰক্তশৰ্কৰাৰ মাত্ৰাও নিয়ন্ত্ৰণত থাকে । নাৰিকল মলাইখালে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে ।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
নাৰিকলৰ ক্ৰীমত এন্টিঅক্সিডেন্ট আৰু মেংগানিজৰ দৰে পুষ্টিকৰ উপাদান থাকে । নাৰিকল মলাইয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰাৰ কাম কৰে । নাৰিকলৰ মলাইৰ সহায়ত বহু ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ।