লক্ষ্মী পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উৎসর্গিত পূজা । হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয় । পূব ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা পালন কৰা হয় ।
কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মী পূজা দেৱালীৰ তৃতীয় দিনা উদযাপিত হয় । ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয় । এই দিনা পূব ভাৰতৰ অঞ্চল সমূহত কালী পূজা অনুষ্ঠিত হয় ।
লক্ষ্মী পূজাৰ তাৎপৰ্য
লক্ষ্মী দেৱী হিন্দু সকলৰ ত্ৰিদেৱী সমূহৰ ভিতৰত অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী । তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা । জন বিশ্বাস মতে, লক্ষ্মী পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে(Significance of Goddess Lakshmi) । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে । ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে ।
লক্ষ্মী পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয় । সধবা তিৰোতায়ে এইদিনা চাউলৰ গুৰি আৰু অবিৰেৰে আল্পনা আঁকি লক্ষ্মী পূজা পাতে । লক্ষ্মী পূজাত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰা হয় । ঠাই বিশেষে লক্ষ্মী পূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয় । আহিন মাহত দুৰ্গা পূজাৰ পিছত, সম্পদ আৰু সমৃদ্ধিৰ বাবে প্ৰথম পূৰ্ণিমাত মা লক্ষ্মীক উপাসনা কৰা হয় ।সংস্কৃতত, কঃ অৰ্থাৎ কে আৰু জগৰী শব্দবোৰৰ অৰ্থ হৈছে সাৰে থকা । লক্ষ্মী পূজাৰ সময়ত গোটেই ৰাতি সাৰে থকাটো প্ৰচলিত, সেয়েহে এই তিথিক কজাগৰীও বুলি কোৱা হয় ।