ব্ৰুচ লীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ শিল্পী বুলি অভিহিত কৰা হৈছিল । শেহতীয়াকৈ কৰা এক গৱেষণাত ব্ৰুচ লীৰ মৃত্যুৰ সন্দৰ্ভত এক আচৰিত ধৰণৰ তথ্য প্ৰকাশ পাইছে । গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক পানী খোৱাৰ বাবেই ব্ৰুচ লীৰ মৃত্যু হয়(Bruce lee died of overhydration) । গৱেষণাত এই কথাও প্ৰকাশ পাইছে যে অধিক পানী খোৱাৰ বাবে তেওঁৰ মগজু ফুলি উঠে আৰু কিডনীও পানীৰে ভৰি পৰে(Bruce lee died of overhydration)। ইয়াৰ বাবেই তেওঁৰ হঠাৎ মৃত্যু হয় ।
গৱেষণাত কি কি ধৰা পৰিল ?
গৱেষণাৰ পৰা এই তথ্য পোৱা গৈছে যে, ব্ৰুচ লীয়ে খাদ্য গ্ৰহণ কৰা নাছিল আৰু কেৱল নিজকে ফিট কৰি ৰাখিবলৈ তৰল পদাৰ্থ পান কৰিছিল । গতিকে আজি আমি আপোনালোকক অভাৰহাইড্ৰেচনৰ বিষয়ে ক'ম, সঁচাকৈয়ে ই কাৰোবাৰ মৃত্যুৰ কাৰণ হ'ব পাৰেনে? শেহতীয়াকৈ স্পেইনৰ এগৰাকী কিডনী বিশেষজ্ঞৰ ‘ক্লিনিকেল কিডনী জাৰ্নেল’ৰ ডিচেম্বৰ সংস্কৰণ প্ৰকাশ পাইছে । এই জাৰ্নেলত কোৱা হৈছিল যে ব্ৰুচ লীৰ বৃক্কত পানী ভৰি আছিল, যিটো সঠিক সময়ত আঁতৰোৱা হোৱা নাছিল ।
অতিমাত্ৰা পানী খোৱাটো বিপদজনক নেকি ?