আপোনাৰ বিবাহ প্ৰেম বিবাহ হওক বা এৰেঞ্জ মেৰেজেই হওক, কিছু সময়ৰ পিছত দম্পতীৰ মাজত বিচ্ছিন্নতা আৰু কাজিয়া আৰম্ভ হয় । যাৰ আঁৰৰ কাৰণ সাধাৰণতে ব্যস্ত জীৱনশৈলীৰ বাবেই স্বামী-স্ত্ৰীয়ে ইজনে সিজনক সময় নিদিয়ে (Couples therapy) ।
ইজনে সিজনক সময় দিব নোৱাৰাৰ বাবে দম্পতীয়ে কেতিয়াও ইজনে সিজনক বুজিব নোৱাৰে, কথাবোৰ শ্বেয়াৰ কৰিব নোৱাৰে আৰু নিজৰ মাজত যৌন জীৱনৰ বিষয়ে কথা পাতিব নোৱাৰে । ফলত তেওঁলোকৰ প্ৰেমময় সম্পৰ্কত ভুল বুজাবুজি আৰু কাজিয়াই নিজৰ স্থান দখল কৰে(Some tips to build your relationship stronger)। যদি আপুনিও আপোনাৰ সম্পৰ্কৰ একেধৰণৰ পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে তেন্তে কাপলছ থেৰাপীয়ে আপোনাক সহায় কৰিব পাৰে ।
কাপলছ থেৰাপী কি ?(what is Couples therapy)
কাপলছ থেৰাপীয়ে সম্পৰ্কটোক ভালদৰে বুজি পোৱা আৰু ইজনে সিজনৰ সৈতে ভগ্ন সম্পৰ্কটো মেৰামতি কৰাত গুৰুত্ব আৰোপ কৰে । এই থেৰাপীৰ সহায়ত দম্পতীৰ মাজত যোগাযোগৰ সমস্যা, বিচ্ছেদ, যৌন সম্পৰ্কীয় সমস্যা দূৰ কৰিব পৰা যায় ।