অসম

assam

ETV Bharat / sukhibhava

Papaya leafs benefits: স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত! - অমিতা গছৰ পাতৰ লাভ

অমিতা স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া হয়তো সকলোৱেই জানে । পেটেই হওক বা ছাল-চুলিয়েই হওক, স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োবিধতে অতি উপকাৰী অমিতা । জানক ইয়াৰ লাভালাভ...

Know the benefits of Papaya leafs
স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত!

By

Published : Oct 14, 2022, 6:43 PM IST

অমিতা স্বাস্থ্যৰ বাবে কিমান উপকাৰী সেয়া হয়তো সকলোৱেই জানে । পেটেই হওক বা ছাল-চুলিয়েই হওক, স্বাস্থ্য আৰু সৌন্দৰ্য দুয়োবিধতে অতি উপকাৰী অমিতা(Papaya leafs benefits) ।

স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত!

পিছে জানেনে, অমিতাতকৈ অমিতা গছৰ পাত অধিক উপকাৰী । চিকিৎসকে দাবী কৰা অনুসৰি আমিতা গছৰ পাত ফলতকৈয়ো ১৫ গুণ বেছি স্বাস্থ্য উপকাৰী । অমিতাৰ পাতৰ পৰা ৰস উলিয়াই বা পাতেৰে চাহ তৈয়াৰ কৰি অথবা পাচলি হিচাপে খাব পাৰে । অমিতা গছৰ পাতত থকা সক্ৰিয় ৰাসায়নিক মিশ্ৰণ এলকালয়ড আৰু ফেনলইড সমূহৰ আছে ভাবিব নোৱাৰা স্বাস্থ্য উপকাৰী গুণ(Know the benefits of Papaya leafs )।

স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত!

এলকালয়ড আৰু ফেনলইড সমূহে মানুহৰ দেহত এন্টী-স্পাষ্মদিক, এন্টী-ইনফ্লেমেটৰী, এনালজেছিক, এন্টী-বেক্টেৰিয়েল আৰু এন্টী-অক্সিডেন্ট হিচাপে কাম কৰিব পাৰে । লগতে অমিতা গছৰ পাতত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, চডিয়াম, মেগনেছিয়াম, আইৰণ আৰু মেগনেছিয়াম আদি খনিজ লৱন থাকে, যিবোৰ দেহৰ বাবে প্রয়োজনীয় ।

স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত!

তাৰোপৰি অমিতা গছৰ পাতত তেজৰ প্লেটলেট বৃদ্ধি কৰিব পৰা গুণ আছে যিটো ডেংগু জ্বৰ হোৱা লোকৰ বাবে অতি প্ৰয়োজন। অমিতা গছৰ পাতত কেঞ্চাৰ আৰু মেলেৰিয়া জ্বৰ প্ৰতিৰোধ ক্ষমতাও আছে । অমিতা আৰু ইয়াৰ গছৰ পাতৰ সক্ৰিয় জৈৱিক মিশ্ৰণ পেপেইন , কাইম’পেপেইন(ফলত), এচর্বিক এচিড, চাইনজেনিক গ্লুকচাইড, চিচ্টেটিন, গ্লুকচিনলেট আদি পোৱা যায় । ইয়াৰে পেপেইন আৰু কাইম’পেপেইনে আমি খোৱা খাদ্যৰ প্ৰটিন খিনি সহজতে হজম কৰাৰ লগতে পেটৰ বদহজম দূৰ কৰে।

অমিতাৰ পাতত মানৱ দেহৰ ইনচুলিন হৰম'ন সক্রিয় কৰি ৰখাৰ ক্ষমতা আছে । সেয়ে পাতৰ ৰস সময়ে সময়ে পান কৰিলে ডায়েবেটিছ ৰোগৰ পৰা পৰিত্রান পাব পাৰি বুলি কোৱা হয় । অমিতাৰ পাতৰ ৰসাল এন্টী-অক্সিডেন্ট সমূহে দেহৰ অক্সিডেটিভ ষ্ট্ৰেছ দূৰ কৰিব পাৰে । অমিতা পাতৰ ৰসৰ লিভাৰ সংশোধন কৰিব পৰা গুণো আছে ।

স্বাস্থ্যৰ বাবে দুগুণ উপকাৰী অমিতা গছৰ পাত!

অমিতা গছৰ পাতৰ ৰস গ্ৰহণ কৰিলে জণ্ডিচ ৰোগ আৰু চিৰহচিছ লিভাৰ আৰু ফেঁটি লিভাৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি । আহাৰ খোৱাৰ পিছত অমিতাৰ পাতৰ ৰস এক-দুইচামুচ কৈ প্ৰতিদিনে খাব পাৰে । কিন্তু দুচামুচতকৈ বেছিকৈ নাখাব, কিয়নো অমিতা পাতৰ ৰস সোৱাদত খুব তিতা । একেৰাহে ইয়াক ৬-৭ দিনৰ বাবেহে খাব , বেছি দিন একেৰাহে নাখাব ৷ এনে কৰিলে আপোনাৰ উপকাৰৰ পৰিৱর্তে অপকাৰহে হ'ব ৷

এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে ৷ ই কোনো কাৰণতে ঔষধ বা চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে ৷ ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷

লগতে পঢ়ক:High Blood Sugar: খাদ্য খোৱাৰ লগে লগে কিয় তেজত বৃদ্ধি পায় চুগাৰৰ মাত্ৰা

ABOUT THE AUTHOR

...view details