গ্ৰীষ্মকালত পোৱা ফল-মূলৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা এবিধ ফল হৈছে কঁঠাল ৷ ফলৰ বাহিৰেও পাচলি হিচাপে কঁঠালক আন বহু ধৰণৰ খাদ্য যেনে কাবাব, বিৰিয়ানী, টিকি তৈয়াৰ কৰা হয় । প্ৰতিটো খাদ্যৰ সোৱাদ আচৰিত । কিন্তু আপুনি জানেনে যে কঁঠাল খালে স্বাস্থ্যৰ বাবেও বহু উপকাৰিতা সাধন হয় । হয়, কঁঠালত থকা ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে ।
ইয়াৰ উপৰিও ইয়াত বি ভিটামিন যেনে ৰাইবোফ্লেভিন, থাইয়ামিনৰ লগতে মেগনেছিয়াম, পটাছিয়াম, কপাৰ, মেংগানিজ আৰু আঁহ আদিও থাকে । এই সকলোবোৰ পুষ্টিকৰ উপাদান আমাৰ শৰীৰৰ বিভিন্ন কামৰ বাবে অতি গুৰুত্বপূৰ্ণ । সেয়ে আজি আমি এই প্ৰতিবেদনত কঁঠালৰ কিছু জনা-নজনা উপকাৰিতাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে ।
পুষ্টিৰ উৎস:কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰটিন আদি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ ।
ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে:কঁঠালত আঁহ থাকে যিয়ে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে ।
হৃদযন্ত্ৰৰ স্বাস্থ্য: কঁঠালত ভাল পৰিমাণৰ পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে ।
হজম শক্তি উন্নত কৰে:কঁঠালত থকা আঁহ সুস্থ হজমৰ বাবে উপকাৰী, যাৰ ফলত কোষ্ঠকাঠিন্য ৰোধ হয় আৰু হজম শক্তি উন্নত হয় ।
ওজন নিয়ন্ত্ৰণ: কঁঠালত কেলৰি আৰু চৰ্বি কম থাকে যদিও ই প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে ।