স্বাস্থ্যসন্মত খাদ্যৰ লগতে সুস্থ হৈ থাকিবলৈ শাৰীৰিক কাৰ্যকলাপো অতি প্ৰয়োজনীয় । কিন্তু বৰ্তমান ব্যস্ততাৰ বাবে মানুহে প্ৰায়ে ৱৰ্কআউট বা ব্যায়ামৰ বাবে সময় নাপায় । এনে পৰিস্থিতিত খোজ কঢ়াটো নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰখাৰ এক অতি সহজ উপায় । খোজকাঢ়িলে স্বাস্থ্যৰ বহু উপকাৰ সাধন হয়, কিন্তু আপুনি জানেনে যে খালী ভৰিৰে ঘাঁহনিত খোজ কাঢ়িলে ই আপোনাৰ অধিক উপকাৰ সাধন কৰে, বিশেষকৈ পুৱা । পুৱা ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে কি কি লাভ হয় জানো আহক-
ৰক্তচাপ আৰু হজম শক্তি সুস্থ কৰি ৰখাত সহায়ক হয়
এক অধ্যয়নত প্ৰকাশ পাইছে যে পৃথিৱীৰ সৈতে আপোনাৰ শাৰীৰিক সংস্পৰ্শই স্নায়ুতন্ত্ৰ আৰু চাৰ্কেডিয়ান ৰিদম নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ উষ্ণতা, হৰম’ন নিৰ্গত হোৱা, হজম আৰু ৰক্তচাপৰ সুস্থতা বৃদ্ধি পায় ।
প্ৰদাহ হ্ৰাস কৰে
আন এক অধ্যয়নত দেখা গৈছে যে দুঘণ্টা ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কঢ়াৰ ফলত প্ৰদাহ কমি যায়, যাৰ ফলত হৃদৰোগ, টাইপ ২ ডায়েবেটিছ আৰু কিছুমান প্ৰকাৰৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় ৷
মানসিক চাপৰ পৰা উপশম পোৱাত সহায়ক
ঘাঁহৰ ওপৰত খোজ কাঢ়িলে মনটো শান্ত হয়, যিয়ে মানসিক চাপ কমোৱাত সহায় কৰে । প্ৰকৃতি আৰু পৃথিৱীৰ সৈতে সংযোগে মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু আপোনাৰ সামগ্ৰিক মানসিক স্বাস্থ্য উন্নত কৰে । ঘাঁহনিত খোজ কঢ়াৰ পিচত অধিক সুখী আৰু শিথিলতা অনুভৱ কৰে । কাৰণ ঘাঁহৰ ওপৰত খোজ কাঢ়িলে শৰীৰত এণ্ড’ৰ্ফিন মুক্ত হোৱাত সহায় কৰে, যিবোৰ প্ৰাকৃতিকভাৱে মনটো ভাল লগাত সহায় কৰে ।