বজাৰত এনেকুৱা বহু পুষ্টিকৰ খাদ্য পোৱা যায় যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে কি খাব বা কি নাখাব তাক লৈ বহুবাৰ বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ কাৰণ সামান্য ভুল হ’লে শৰীৰৰ ৰক্তত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে, যিটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক ৷ শীতকালত মিঠা আলু খাবলৈ অতি সোৱাদযুক্ত, সকলোৱে বেলেগ বেলেগ ধৰণে খায় ৷ কিন্তু ডায়েবেটিছ ৰোগীয়ে ইয়াক সেৱন কৰাটো উচিত হয় নে নহয় ? জানি লও আহক...
মিঠা আলুত পোৱা পুষ্টিকৰ উপাদান
ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, প্ৰটিন, আঁহ, কাৰ্বহাইড্ৰেট, স্বাস্থ্যকৰ চৰ্বি, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, কেৰটিনয়ড আৰু থাইয়ামিন আদি গুৰুত্বপূৰ্ণ পুষ্টি মিঠা আলুত পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে সকলো দিশতে উপকাৰী ৷ কিন্তু যিহেতু ইয়াৰ সোৱাদ মিঠা, গতিকে ডায়েবেটিছ ৰোগীয়ে ইয়াক খাবলৈ ভয় কৰে ৷
ডায়েবেটিছ ৰোগীৰ বাবে মিঠা আলুৱে কেনেদৰে কাম কৰে ?
খাদ্য বিশেষজ্ঞৰ মতে, যিকোনো খাদ্য ৰন্ধা পদ্ধতিয়েই ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হ’ব নে বেছি হ’ব সেইটো নিৰ্ণয় কৰে ৷ উচ্চ জি আই থকা যিকোনো বস্তু মধুমেহ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে ৷ মিঠা আলুত ষ্টাৰচ আৰু কাৰ্বহাইড্ৰেট থাকে, গতিকে বহুতে ইয়াক খাবলৈ বহুতে ভয় কৰে ৷