অসম

assam

ETV Bharat / sukhibhava

Mango Peel Benefits: আমৰ বাকলি আপুনি কি কৰে ? যদি পেলায় দিয়ে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে - আমৰ বাকলিৰ উপকাৰিতা

আমৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে (Mango Peel Benefits) কিন্তু আমৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ? যদি নাজানে তেনেহ’লে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

Know about Mango Peels Health Benefits
আমৰ বাকলিৰ উপকাৰিতা

By

Published : May 16, 2023, 12:12 PM IST

গ্ৰীষ্মকাল অহাৰ লগে লগে বজাৰত ভৰি পৰে ধুনীয়া ধুনীয়া আম ৷ আম প্ৰায় সকলোৰে প্ৰিয় ৷ মিঠা ৰসাল আম খাই কোনেনো বেয়া পাব ? নহয়নে ? সেয়েহে মানুহে আগ্ৰহেৰে গৰমৰ দিনৰ বাবে অপেক্ষা কৰে । কিয়নো গ্ৰীষ্মকালতে কেৱল পোৱা যায় আম ৷ আম আমি সকলোৱে খাও আৰু ইয়াৰ উপকাৰিতাৰ বিষয়েও হয়তো আমি সকলোৱে জানো নহয় নে ? কিন্তু আজি আমি আমৰ নহয়, আমাৰ বাকলিৰ বিষয়ে হে আলোচনা কৰিম (Mango Peel Benefits) ৷

আম খোৱাৰ পিচত আপুনি বাকলি কি কৰে ? স্বাভাৱিক কথা জাবৰত পেলাই দিয়ে । হয়নে ? কিন্তু আপুনি জানেনে আমৰৰ লগতে ইয়াৰ বাকলিও খাব পাৰি ৷ আমৰ বাকলি খোৱাটো কেৱল সোৱাদৰ ক্ষেত্ৰতে নহয় স্বাস্থ্যৰ দিশতো উপকাৰী হ’ব পাৰে । ফাইবাৰ, এন্টিঅক্সিডেন্ট, ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, মেগনেছিয়াম আৰু পটাছিয়াম আদি উপাদান আমৰ বাকলিত পোৱা যায়, যিয়ে আপোনাক বহু ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে । আমৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানো আহক...

আমৰ বাকলিৰ উপকাৰিতা

১) আমৰ বাকলিৰে আপোনাৰ ছালৰ বহু সমস্যা দূৰ কৰিব পাৰি । ইয়াৰ ফলত মুখৰ বলিৰেখা কমি যাব পাৰে (Mango peel uses) । আচলতে ফ্ৰী ৰেডিকেলৰ বাবে বায়ু প্ৰদূষণ, মানসিক চাপ, বয়সৰ আগতেই মুখত বলিৰেখা দেখা দিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত আমৰ বাকলিৰে পেষ্ট বনাই মুখত লগালে যথেষ্ট লাভ পাব (Mango for skin whitening) ।

২) আমৰ বাকলিত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট গুণে আপোনাৰ ছালখন উজ্জ্বল আৰু সুন্দৰ কৰি তোলে (Mango peel benefits for skin)। ইয়াৰ দ্বাৰা আপোনাৰ ছালৰ পৰাও পিম্পল আঁতৰি যাব পাৰে ।

৩) আমৰ বাকলিত ভিটামিন চি থাকে, যিয়ে টেনিংৰ সমস্যা দূৰ কৰাৰ কাম কৰে । যদি হাত, ভৰি বা মুখত টেনিং হোৱাৰ সমস্যা হয়, তেন্তে পেষ্ট বনাই সেই ঠাইত ঘঁহিব । তাৰ পিচত চাব ইয়াৰ ফলাফল ৷

৪) আমৰ বাকলি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী । আচলতে আমৰ বাকলিত পটাছিয়াম আৰু মেগনেছিয়াম পোৱা যায়, যিটো হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ।

৫) আমৰ বাকলি প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । ইয়াৰ কাৰণে ই পাচনতন্ত্ৰ সুস্থ কৰাৰ কামো কৰে । গৰমৰ দিনত বহু সময়ত পাচনতন্ত্ৰ বেয়া হোৱাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয় আৰু বদহজম আৰু গেছৰ দৰে সমস্যা হয় । কিন্তু যদি আপুনি আমৰ বাকলি সেৱন কৰে তেন্তে এই সমস্যাৰ পৰা সকাহ পাব পাৰে আৰু অন্ত্ৰ সুস্থ হৈ থাকে ৷

কিন্তু আমৰ বাকলিৰ বিষয়ে মনত ৰাখিব এইকেইটা কথা

পকা আমৰ সলনি কেঁচা আমৰ হে বাকলি খাব । আম পকিবলৈ কাৰ্বনেট আৰু আন বহু প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ বহুবাৰ ব্যৱহাৰ কৰা হয় । এনে পৰিস্থিতিত যদি আপুনি পকা আমৰ বাকলি ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ দ্বাৰা উপকাৰৰ পৰিৱৰ্তে ক্ষতি হ’ব পাৰে (Mango peel benefits for face) ।

লগতে পঢ়ক:White Hair: বগা চুলিয়ে হ্ৰাস কৰিছে নেকি সৌন্দৰ্যতা ? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই সামগ্ৰী

ABOUT THE AUTHOR

...view details