অসম

assam

ETV Bharat / sukhibhava

High uric acid level symptoms prevention: বিয়েৰ-ম'ম আপোনাৰ প্ৰিয় নেকি ? ইউৰিক এচিডৰ এইসমূহ লক্ষণ দেখা দিছে যদি আজিয়েই এৰক এই খাদ্য - ইউৰিক এচিড বৃদ্ধিৰ অন্যান্য কাৰণ

ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱাটো এটা গুৰুতৰ সমস্যা হৈ পৰিছে । তেজত এই আৱৰ্জনা বৃদ্ধি বা জমা হ’লে গাঁঠিৰ বিষ, বৃক্কত পাথৰকে ধৰি বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । যদিও ইউৰিক এচিড শৰীৰৰ পৰা নিজেই প্ৰস্ৰাৱৰ জৰিয়তে ওলাই যায় যদিও কেতিয়াবা বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে ইয়াক বাহিৰ কৰিব নোৱাৰে, যাৰ বাবে শৰীৰত ইউৰিক এচিড বৃদ্ধি পায়(Know about High uric acid level symptoms prevention)। সবিশেষ পঢ়ক...

Know about High uric acid level symptoms prevention
বিয়েৰ-ম'ম আপোনাৰ প্ৰিয় নেকি ? ইউৰিক এচিডৰ এইসমূহ লক্ষণ দেখা দিছে যদি আজিয়েই এৰক এই খাদ্য

By

Published : Oct 13, 2022, 4:26 PM IST

ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱাটো এটা গুৰুতৰ সমস্যা হৈ পৰিছে । তেজত এই আৱৰ্জনা বৃদ্ধি বা জমা হ’লে গাঁঠিৰ বিষ, বৃক্কত পাথৰকে ধৰি বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় । যদিও ইউৰিক এচিড শৰীৰৰ পৰা নিজেই প্ৰস্ৰাৱৰ জৰিয়তে ওলাই যায় যদিও কেতিয়াবা বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে ইয়াক বাহিৰ কৰিব নোৱাৰে, যাৰ বাবে শৰীৰত ইউৰিক এচিড বৃদ্ধি পায়(Know about High uric acid level symptoms prevention)।

বিয়েৰ-ম'ম আপোনাৰ প্ৰিয় নেকি ? ইউৰিক এচিডৰ এইসমূহ লক্ষণ দেখা দিছে যদি আজিয়েই এৰক এই খাদ্য

স্বাভাৱিক ইউৰিক এচিডৰ মাত্ৰা কিমান হ’ব লাগে ? চিকিৎসকৰ মতে, পুৰুষৰ ক্ষেত্ৰত ইউৰিক এচিডৰ স্বাভাৱিক পৰিসৰ ২.৫–৭.০ মিলিগ্ৰাম/ডেচিলিটাৰ আৰু মহিলাৰ ক্ষেত্ৰত ১.৫–৬.০ মিলিগ্ৰাম/ডেচিলিটাৰ হ’ব লাগে । যদি ইয়াৰ মাত্ৰা পুৰুষৰ ক্ষেত্ৰত ৭.০ মিলিগ্ৰাম/ডেচিলিটাৰ আৰু মহিলাৰ ক্ষেত্ৰত ৬.০ মিলিগ্ৰাম/ডেচিলিটাৰ হয় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে বিপদ মাতিব পাৰে ।

বিয়েৰ-ম'ম আপোনাৰ প্ৰিয় নেকি ? ইউৰিক এচিডৰ এইসমূহ লক্ষণ দেখা দিছে যদি আজিয়েই এৰক এই খাদ্য

শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ কাৰণ ?(Cause of increased levels of uric acid in body)

ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ কাৰণসমূহ হ’ল- পিউৰিন সমৃদ্ধ খাদ্য অত্যধিক সেৱন কৰা, অতিৰিক্ত ওজন হোৱা, ডায়েবেটিছ ৰোগ, কিছুমান diuretic drugs আৰু অত্যধিক মদ্যপান কৰা আদিয়েই ইউৰিক এচিড বৃদ্ধিৰ প্ৰধান কাৰণ । যদি আপুনি বহুত বিয়েৰ, মদ, মৈদা বা মাংস গ্ৰহণ কৰে তেন্তে আপুনি এই সমস্যাত ভুগিব পাৰে ।

বিয়েৰে ইউৰিক এচিড বৃদ্ধি কৰিব পাৰে(Beer can increase uric acid)

যদি আপুনি বহুত বিয়েৰ খায় তেন্তে আপোনাৰ তেজত ইউৰিক এচিডৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা আছে । এন চি বি আইত প্ৰকাশিত এক অধ্যয়নত গৱেষকসকলে প্ৰকাশ কৰিছে যে গৱেষণাত অন্তৰ্ভুক্ত হোৱা গাউট ৰোগীসকলৰ অধিকাংশই অধিক বিয়েৰ বা মদ্যপান কৰে। কাৰণ বিয়েৰত পিউৰিন বেছি থাকে ।

ম'মৰ মৈদায়েও বৃদ্ধি কৰে ইউৰিক এচিড(Maidaflour also increases uric acid)

ভাৰতৰ বিখ্যাত খাদ্য লেখিকা তৰ্লা দলালৰ মতে আপুনি অধিক গোটা শস্য গ্ৰহণ কৰা উচিত কাৰণ ইয়াত সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে আনহাতে মৈদাৰ দৰে বস্তুবোৰ এনে পুষ্টিকৰ উপাদানৰ পৰা বঞ্চিত হয় যিয়ে আপোনাৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ।

বিয়েৰ-ম'ম আপোনাৰ প্ৰিয় নেকি ? ইউৰিক এচিডৰ এইসমূহ লক্ষণ দেখা দিছে যদি আজিয়েই এৰক এই খাদ্য

ইউৰিক এচিড মূল কাৰণ মুৰ্গী আৰু ৰঙা মাংস(Chicken and red meat both are main reason of uric acid)

মুৰ্গীক সাধাৰণতে মধ্যমীয়া পিউৰিনযুক্ত খাদ্য বুলি গণ্য কৰা হয় । কিন্তু ইয়াত থকা পিউৰিনৰ পৰিমাণ কমৰ পৰা অধিক হ’ব পাৰে । ইউৰিক এচিডত আক্ৰান্ত হ’লে ইয়াৰ পৰা আঁতৰি থকাটো ভাল । মেয়’ ক্লিনিকৰ মতে ৰঙা মাংসত অধিক পৰিমাণে ইউৰিক এচিড থাকে আৰু ইয়াৰ পৰিমাণ কম কৰিব লাগে ।

ইউৰিক এচিড বৃদ্ধিৰ অন্যান্য কাৰণ(Other causes of elevated uric acid)

  • Diuretic drugs
  • অত্যধিক মদ্যপান
  • বংশগত ৰোগ
  • হাইপোথাইৰয়ডিজম
  • মেদবহুলতা
  • চ’ৰিয়াচিছ
  • পিউৰিন সমৃদ্ধ খাদ্য বেছিকৈ খোৱা
  • বৃক্ক বিকল হোৱা

উচ্চ ইউৰিক এচিডৰ এই লক্ষণবোৰক আওকাণ নকৰিব(Don’t ignore these symptoms of high uric acid)

  • গাঁঠিৰ বিষ
  • ফুলা গাঁঠি
  • গাঁঠি স্পৰ্শ কৰিবলৈ গৰম
  • চিকচিকিয়া, গাঁঠিৰ চাৰিওফালে থকা ছালৰ ৰং সলনি হোৱা
  • কঁকালৰ বিষ
  • কাষৰ বিষ
  • সঘনাই প্ৰস্ৰাৱ কৰা
  • বমি হোৱা বমি ভাৱ

ইউৰিক এচিড হ্ৰাস কৰিবলৈ কি কৰিব লাগে(What to do to reduce uric acid)

ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰাৰ উপায়সমূহ হ’ল- পিউৰিন কম সেৱন কৰা, চেনি, আটা আৰু ৰঙা মাংস পৰিহাৰ কৰা, মদ বা বিয়েৰ পৰিহাৰ কৰা, অধিক পানী খোৱা, কফি খোৱা, ওজন কমাব পৰা, ব্লাড চুগাৰ মেনেজ কৰা, ফাইবাৰ বেছি হোৱা আদি বস্তুবোৰ অত্যধিক সেৱন কৰাকে ধৰি ।

এই প্ৰৱন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে । ই কোনো কাৰণতে কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে । ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ৷

লগতে পঢ়ক:World Sight Day 2022: প্ৰথমে নিজৰ চকুযুৰিৰ প্ৰেমত পৰক তেতিয়াহে পৃথিৱীখনৰ প্ৰেমত পৰিব

ABOUT THE AUTHOR

...view details