অৱশেষত ৭ ফেব্ৰুৱাৰীৰ দিনা অগ্নিক সাক্ষী কৰি সাত জনমৰ বাবে এক হৈ পৰিল কিয়াৰা-সিদ্ধাৰ্থ(Kiara Advani Sidharth Malhotra Marriage) ৷ ইজনে সিজনৰ লগত ডেটিং কৰি বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰা বিবাহপাশত আৱদ্ধ হয় । ৰাজস্থানৰ জয়সালমেৰত দুয়োজনে ৰাজকীয় শৈলীত বিবাহৰ বান্ধোনত বান্ধ খায় ।
সিদ্ধাৰ্থক যিমান ফিট আৰু হেণ্ডছাম দেখা যায়, কিয়াৰা আদৱানীৰ লুক আৰু ফিটনেছৰ বিষয়েও বলীউড আৰু অনুৰাগীৰ মাজত চৰ্চিত । কিয়াৰাক শাৰী আৰু লেহেংগাত যিমান ধুনীয়া দেখা যায়, পশ্চিমীয়া সাজ-পোছাকতো তেওঁ নিজৰ সৌন্দৰ্যতা বিয়পাই দিয়ে । এনে পৰিস্থিতিত যদি আপুনিও শীঘ্ৰে কইনা হ’বলৈ গৈ আছে আৰু কিয়াৰাৰ ফিটনেছ ছিক্ৰেট জানিব বিচাৰে তেন্তে আমি আপোনাক জনাম তেওঁৰ ফিটনেছ ছিক্ৰেট ।
Weight Training গ্ৰহণ কৰক
কিয়াৰাই Weight Trainingৰ সময়ত প্ৰায়ে নিজৰ ইনষ্টাগ্ৰামত ভিডিঅ’ শ্বেয়াৰ কৰে । ওজন প্ৰশিক্ষণৰ সহায়ত তেওঁ নিজৰ ওজন বজাই ৰাখে । ইয়াৰ ফলত শৰীৰৰ পৰা কাৰ্ব আৰু চৰ্বি কমোৱাত সহায় কৰে । ইয়াৰ বাবে তেওঁৰ পেশীবোৰো টোন হৈ থাকে ।
নৃত্য কৰে
নিজকে ফিট কৰি ৰাখিবলৈ কিয়াৰাই নিশ্চিতভাৱে ৰাতিপুৱা আৰু গধূলি কেইঘণ্টামান নৃত্যৰ আখৰা কৰে । উল্লেখ্য যে, নৃত্য শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু নিয়মীয়া অনুশীলনে পেশীৰ লগতে কেলৰি বাৰ্ন কৰে আৰু মানসিক চাপৰ পৰাও উপশম দিয়ে ।
Core Muscles বাবে Pullups কৰে কিয়াৰাই