নিউজ ডেস্ক, 24 আগষ্ট : হৃদপিণ্ড সম্বন্ধীয় ৰোগৰ বাবে বিশ্বজুৰি প্ৰত্যেক বছৰ মৃত্যু হয় লাখ-লাখ লোকৰ ৷ হৃদপিণ্ডজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তালিকাৰ শীৰ্ষত অৱস্থিত ৷ আপুনি আপোনাৰ হৃদপিণ্ডৰ পৰ্যাপ্ত যতন লয় নে ? বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মতে, বিশ্বজুৰি 2016 চনত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ 17.9 মিলিয়ন লোকৰ মৃত্যু হয় চিভিডিৰ দ্বাৰা ৷ ইয়াৰে 85 শতাংশ লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকৰ দ্বাৰা ৷
আমাৰ হৃদৰোগ বিশেষজ্ঞ ডাক্টৰ এম এচ মুখাৰ্জী, এম.ডি, ডি এম আৰু ডিএনবি কাৰ্ডিঅল‘জি, হায়দৰাবাদৰ মেডিকভাৰ হাস্পতালৰ পালচ্ হৃদপিণ্ড কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালকগৰাকীয়ে কয় যে, " ইয়াৰ পৰিভাষিক সংজ্ঞা দিয়াটো যথেষ্ট কঠিন যদিও আমি কব পাৰো যে, এটা সুস্থ হৃপিণ্ড সেয়া যিয়ে সামান্য ৰূপত কাৰ্য কৰে, য‘ত কোনো সংৰক্ষণাত্মক বা কাৰ্যক্ষেত্ৰত কোনো সমস্যা নাই ৷
সাধাৰণতে এজন সুস্থ ব্যক্তিৰ হৃদপিণ্ড 60 ৰ পৰা 100 বাৰ প্ৰতি মিনিটত শ্বাস-প্ৰশ্বাস লয় ৷ "
মৌলিক হৃদয়ৰ স্থিতিৰ এনে কিছু বিষয় আছে যিবোৰ হৃদয় সম্বন্ধিত হ‘ব পাৰে ৷ এই সন্দৰ্ভত কিছু বিষয় ডাক্টৰ মুখাৰ্জীয়ে উল্লেখ কৰিছে ..
1. ইস্কেমিক হৃদৰোগ, য‘ত হৃদপিণ্ডত তেজৰ পৰিমাণ কমি যায় ৷
2. বাল্বুলৰ হৃদৰোগ, য‘ত 4 বাল্বৰ ভিতৰত কোনোবা এটাত সমস্যা থাকে ৷
3. জন্মগত হৃদৰোগ, এক হৃদৰোগ যি জন্মগত বাবে কাৰোবাৰ হৈ আছে ৷
4. কাৰ্ডিয়েক ৰিদমত সমস্যা, য‘ত হৃপিণ্ডৰ কাৰ্যপ্ৰণালী সামান্য হ‘ব পাৰে কিন্তু হৃদপিণ্ড লাহে-লাহে, দ্ৰুত গতিত অথবা অনিয়মিত ভাবে কাম কৰিব পাৰে ৷
5. পেৰাকাৰ্ডিয়েল ৰোগ, য‘ত পেৰীকাৰ্ডিয়ম নামৰ হৃদপিণ্ডৰ আৱৰণ প্ৰভাৱিত হয় ৷