অসম

assam

ETV Bharat / sukhibhava

সুস্বাদু ফল বাঙিয়ে আপোনাক কৰি ৰাখিব স্বাস্থ্য়ৱান

ইতিমধ্যে আৰম্ভ হৈছে গ্ৰীষ্মপ্ৰবাহ ৷ গৰমৰ দিনকেইটাত বজাৰ ভৰি পৰে ভিন্নস্বাদৰ সতেজ ফলেৰে ৷ গৰম দিনত শীতল পানী, চৰবত, ৰসাল ফল আদিৰ প্ৰয়োজন আমি বাৰুকৈয়ে অনুভৱ কৰো ৷ শৰীৰটো ভালদৰে হাইড্ৰেটেড কৰি ৰখাৰ উপৰিও আন বহুতো উপকাৰ সাধিব পৰা তেনে এবিধ ফল হৈছে মাস্কমেলন অথবা বাঙি ৷

Keep yourself healthy and hydrated with Muskmelon
উৎস : ইণ্টাৰনেট

By

Published : Mar 14, 2022, 2:09 PM IST

পানী আৰু পুষ্টিৰে ভৰপূৰ, মাস্কমেলন অথবা বাঙি হৈছে গ্ৰীষ্মকালৰ এবিধ উৎকৃষ্ট ফল ৷ বিশেষজ্ঞ আৰু চিকিৎসকসকলেও গ্ৰীষ্ম ঋতুৰ সময়চোৱাত ইয়াক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ দিয়ে । নিউট্ৰিছ’নিষ্ট ডাঃ দিব্যা শৰ্মাই কয় যে, "আপোনাৰ দৈনন্দিন আহাৰত বতৰৰ ফল আৰু পাচলি অন্তৰ্ভুক্ত কৰাৰ অভ্যাস গঢ়ি তোলক ৷ মাস্কমেলন(বাঙি) ৰ এনে বহুতো গুণ আছে, যি উৎকট গৰমৰ পৰা সকাহ দিয়াত সহায় কৰে । ই শৰীৰক ভালদৰে হাইড্ৰেটেড আৰু শীতল কৰি ৰাখে" ৷

উৎস : ইণ্টাৰনেট

বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে, ইয়াত 90% লৈকে পানী, ভিটামিন আৰু খনিজ দ্ৰব্য থাকে ৷ যিয়ে গৰমৰ দিনকেইটাৰ বাবে অন্যতম উৎকৃষ্ট ফল হিচাপে বাঙিক গণ্য কৰে ৷

পুষ্টি আৰু লাভালাভ (Nutrients and benefits of muskmelon)

মাস্কমেলনত কেলৰি, আঁহ, প্ৰ'টিন, চৰ্বি, ভিটামিন চি, ভিটামিন বি6, ভিটামিন কে, ভিটামিন এ, পটাছিয়াম, মেগনেছিয়াম আৰু ফলেটকে ধৰি বহুতো পুষ্টি সন্নিৱিষ্ট থাকে । ইয়াৰ উপৰিও ইয়াৰ পৰা এণ্টি অক্সিডেণ্ট আৰু এডেন’চাইনৰ দৰে বহুতো ঔষধি গুণ পোৱা যায় । ডাঃ দিব্যা শৰ্মাই মাস্কমেলনৰ কিছুমান লাভালাভৰ কথা উল্লেখ কৰিছিল, যিবোৰ নিম্নলিখিত ধৰণৰ :

  • মাস্কমেলনত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে ৷ লগতে গৰম দিনত হ’ব পৰা সংক্ৰমণ আৰু ৰোগৰ আশংকা হ্ৰাস কৰে ।
  • ইয়াত থকা পটাছিয়ামে ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাত সহায় কৰে ।
  • ইয়াত এডেন’চাইন নামৰ anticoagulant থাকে, যি তেজ গোট মৰাৰ সমস্যা প্ৰতিহত কৰে ।
    উৎস : ইণ্টাৰনেট
  • মাস্কমেলনত পোৱা এণ্টিঅক্সিডেণ্ট বিটা কেৰ’টিন আৰু ভিটামিন এ চকু, ছাল আৰু চুলি স্বাস্থ্যৱান কৰি ৰখাৰ বাবে অতি দৰকাৰী ।
  • মাস্কমেলন ছালৰ বাবেও যথেষ্ট উপকাৰী । ইয়াৰ হাইড্ৰেটিং গুণাগুণৰ বাবে, ই ছালৰ শুকান ভাৱ ৰোধ কৰাৰ লগতে বয়সৰ চাপ হ্ৰাস কৰে ।
  • কেৱল আভ্যন্তৰীণ ব্যৱহাৰেই নহয়, গৰমৰ দিনত স্ক্ৰাব বা পেকৰ ৰূপতো ছালত ইয়াক প্ৰয়োগ কৰিব পাৰি ৷ যিয়ে ছালখন উজ্জ্বল কৰি ৰখাত সহায় কৰে ।
  • বৃক্কৰ সমস্যা দূৰ কৰাতো সহায় কৰে এইবিধ ফলে ৷
  • মাস্কমেলনত থকা আঁহে পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰাখে আৰু কোষ্ঠকাঠিন্যৰ দৰে পাকস্থলী সম্পৰ্কীয় সমস্যাত সকাহ দিয়ে ।
  • নেচনেল চেণ্টাৰ ফৰ বায়’টেকন'লজী ইনফৰ্মেচন (এনচিবিআই) ৰ ৱেবছাইটত প্ৰকাশিত এক গৱেষণা অনুসৰি, superoxide dismutase (এছঅ’ডি) এনজাইম মাস্কমেলনৰ ৰসত পোৱা যায় ৷ যি নিদ্ৰাহীনতাৰ দৰে সমস্যাৰ পৰা সকাহ দিয়ে ।
    উৎস : ইণ্টাৰনেট
  • গৰ্ভৱতী মহিলাৰ বাবে মাস্কমেলন ভক্ষণ কৰাটো অতিকৈ উপকাৰী ৷ কিয়নো ইয়াত ফলিক এচিডৰ সৈতে যথেষ্ট পৰিমাণৰ পানী পোৱা যায় ৷ যি গৰ্ভত কেঁচুৱাৰ মগজু আৰু মেৰুদণ্ডৰ হাড়ৰ বিকাশত সহায়ক হয় ।

অত্যাধিক ভক্ষণ ক্ষতিকাৰক হ’ব পাৰে (Excess consumption can have a negative impact)

ডাঃ দিব্যাই প্ৰকাশ কৰে যে, কেতিয়াবা পুষ্টিকৰ খাদ্য অত্যাধিক পৰিমাণে ভক্ষণ কৰিলে শৰীৰৰ ক্ষতি সাধন হ’ব পাৰে ৷ এইবিধ ফলো যদি উপকাৰী বুলি ভাবি মাত্ৰাধিক হাৰত ভক্ষণ কৰা যায়, তেন্তে শৰীৰত কিছু উপসৰ্গই দেখা দিব পাৰে ৷ যেনে- শৰীৰত আঁহৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত গেছ আৰু শৰীৰৰ যিকোনো অংশ ফুলি উঠিব পাৰে ৷ যিসকল লোকৰ খাদ্যৰ পৰা হোৱা এলাৰ্জিৰ সমস্যা থাকে, তেনে লোকে পৰাপক্ষত ইয়াক পৰিহাৰ কৰা উচিত ৷

লগতে চাওক:ছাল সম্পৰ্কীয় বিভিন্ন সমস্যাৰ ৭ টা প্ৰধান কাৰক

ABOUT THE AUTHOR

...view details