অসম

assam

ETV Bharat / sukhibhava

Karwa Chauth: কৰৱা চৌথত পৰিৱেশন কৰক এইসমূহ সুস্বাদু ব্যঞ্জন

গোটেই দিনটো উপবাসে থকাৰ পিছত কৰৱা চৌথৰ ব্ৰত সম্পূৰ্ণ কৰক কিছুমান সোৱাদযুক্ত আৰু জুতিলগা সুস্বাদু খাদ্যৰ সৈতে যিসমূহ অতি সহজে প্ৰস্তুত কৰিব পৰা যায় । সেয়ে আমি আপোনালোকৰ বাবে কৰৱা চৌথৰ ব্ৰতৰ পিছত খাব পৰা কেইটিমান খাদ্যৰ ৰেচিপি লৈ আহিছো যিসমূহ আপুনি সহজে ঘৰতে তৈয়াৰ কৰিব পাৰে ৷

Karwa Chauth special recipes
কৰৱা চৌথত পৰিৱেশন কৰক এইসমূহ সুস্বাদু ব্যঞ্জন

By

Published : Oct 12, 2022, 10:22 PM IST

Updated : Oct 12, 2022, 10:30 PM IST

কাৰ্তিক মাহৰ পূৰ্ণিমাৰ পিছত চতুৰ্থ দিনা ভাৰতীয় উপমহাদেশৰ হিন্দু মহিলাসকলে উদযাপন কৰা এক উৎসৱ হৈছে কৰৱা চৌথ(Karwa Chauth 2022) । বহুতো হিন্দু উৎসৱৰ দৰে, হিন্দু বৰ্ষপঞ্জিকাৰ আধাৰত কৰৱা চৌথ চন্দ্ৰৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি উদযাপন কৰা হয়(Karwa Chauth fast) । কৰৱা চৌথত, বিবাহিত মহিলাসকলে, বিশেষকৈ উত্তৰ ভাৰতত, তেওঁলোকৰ স্বামীসকলৰ সুৰক্ষা আৰু দীৰ্ঘায়ুৰ বাবে সূৰ্যোদয়ৰ পৰা চন্দ্ৰ ওলোৱালৈ উপবাস পালন কৰে(Karwa Chauth special recipes)।

কৰৱা চৌথৰ উপবাস সম্পূৰ্ণ কৰাৰ পিছত নিশ্চয়কৈ কিছুমান সোৱাদযুক্ত আৰু জুতিলগা সুস্বাদু খাদ্য খাবলৈ মন যায় ৷ যিটো সহজে প্ৰস্তুত কৰিব পৰা যায়(Karwa chauth fast recipes) । সেয়ে আমি আপোনালোকৰ বাবে কৰৱা চৌথৰ ব্ৰতৰ পিছত খাব পৰা কেইটি খাদ্যৰ সহয় ৰেচিপি লৈ আহিছো যিসমূহ আপুনি সহজে ঘৰতে তৈয়াৰ কৰিব পাৰে(Karwa Chauth rituals) ৷

চেৱৈ (SEVIYAN)

উপকৰণ: চেৱৈ, ফুল ক্ৰীম গাখীৰ, পিষ্টা, আলমণ্ড ফ্লেক । দেশী ঘিউ, খোয়া, সেউজীয়া ইলাচি গুড়ি ।

পদ্ধতি: এটা পেনত ঘিউ গৰম কৰক । চেৱৈখিনি দি সোণালী বৰণৰ হোৱালৈকে ৰোষ্ট কৰক । এবাৰ জুইৰ পৰা নমাই এফালে থৈ দিব । কেৰাহীত গাখীৰ উতলাই লওক । কটা বাদামখিনি দি ২-৩ মিনিট মান ৰান্ধিব । গাখীৰৰ লগত ভালদৰে মিহলি হোৱালৈকে চেনি দিব । গ্ৰেট কৰা খোয়াখিনি গাখীৰত দিব । মিশ্ৰণটো ডাঠ হোৱালৈকে সিজাই ল'ব । চেৱৈখিনি দি ৫ মিনিট ডাঠ নোহোৱালৈকে সিজাই ল'ব । ইলাচি গুড়ি দি ভালদৰে মিহলাই লওক । কটা বাদামৰ সৈতে সজাই ঠাণ্ডা বা গৰমে উপভোগ কৰক!

চেৱৈ

আলমণ্ড ৰ'জ ৰাবৰি (ALMOND ROSE RABDI):

উপকৰণ: আলমণ্ড (বাকলি নোহোৱাকৈ), গাখীৰ, চেনিমুক্ত, পিষ্টা, কটা, ইলাচি গুড়ি, খোয়া, গোলাপৰ পানী, কেইডালমান কেশৰ ।

পদ্ধতি: কেৰাহী এখন গৰম কৰি গাখীৰ আধা হোৱালৈকে গৰম কৰি ল'ব । জুই কমাই দিব । গুড়ি কৰি গাখীৰত কেশৰখিনি দিব, আৰু কম জুইত ৫ মিনিট ৰান্ধিব । এতিয়া তাত আলমণ্ড, খোয়া আৰু চুগাৰ ফ্ৰী মিহলাই দিব । ভালদৰে মিহলাই ৩ মিনিটমান ৰান্ধিব । পিষ্টা, ইলাচিৰ গুড়ি দি ভালদৰে মিহলাই লওক । ২ মিনিট মান উতলাব । জুইৰ পৰা নমাই দিব, আৰু তাত গোলাপৰ পানী দিব । ভালদৰে মিহলাই অলপ ঠাণ্ডা হ’বলৈ দিব । কটা পিষ্টা, বাদাম, বেৰী বা শুকান গোলাপৰ পাহিৰে সজাই লওক ।

আলমণ্ড ৰ'জ ৰাবৰি

গুলাপৰ লাচ্চি(GULAB LASSI)

উপকৰণ:প্লেইন দৈ, চেনি, পানী, গোলাপৰ পানী আৰু গোলাপৰ পাহি

পদ্ধতি: এটা ডাঙৰ বাটিত প্লেইন দৈ দিব । তাৰ পিছত হুইস্ক বা হেণ্ড ব্লেণ্ডাৰ ব্যৱহাৰ কৰি মসৃণ হোৱালৈকে ভালদৰে মিহলাই লওক । চেনি দি ভালদৰে মিহলাই লওক যেতিয়ালৈকে চেনিখিনি দৈৰ লগত ভালদৰে মিহলি হৈ নাযায় । এতিয়া পানী দি লাচ্চিখিনি অলপ পাতল কৰি পেলাব । গোলাপৰ পানী আৰু গোলাপৰ পাহি কমকৈ দিব । ঠাণ্ডা হ’বলৈ ফ্ৰীজত ৰাখিব, গোলাপৰ পাহিৰে বা নিজৰ পছন্দ অনুসৰি সজাই ঠাণ্ডাকৈ পৰিবেশন কৰক ।

গুলাপৰ লাচ্চি

লগতে পঢ়ক:Karwa Chauth 2022: কৰৱা চৌথ ব্ৰত পালন কৰাৰ সময়ত মহিলাসকলে মন কৰিবলগীয়া কিছু কথা

Last Updated : Oct 12, 2022, 10:30 PM IST

ABOUT THE AUTHOR

...view details