স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ লগে লগে আৰু আমি বাহিৰত ভ্ৰমণ কৰি অধিক সময় কটাবলৈ আৰম্ভ কৰিছো, এই ক্ষেত্ৰত কেৱল প্ৰভাৱিত হৈছে কিতাপৰ সৈতে আমাৰ সময় । ব্যস্ততাৰ বাবে যেন কিতাপ পঢ়াৰ অভ্যাস দিনক দিনে কমি আহিবলৈ ধৰিছে ৷ বৰ্তমান আমাৰ গোটেই প্ৰজন্মটোৱেই ইলেক্ট্ৰনিক সামগ্ৰীৰ আগ্ৰাসনত! কিন্তু ক'ভিডৰ সময়ছোৱাত আমিবোৰ আৱদ্ধ হৈ পৰিছিলো কিতাপৰ মাজত ৷ কিন্তু পৰিস্থিতি পুনৰ সুচল হৈ পৰাত আমি আকৌ যান্ত্ৰিক হৈ পৰিলো(National Read a Book Day) ৷
কিন্তু কিতাপ এখন পঢ়িবলৈ সময় নোপোৱাত আমি কি কৰিম ? সেয়ে এই ৰাষ্ট্ৰীয় কিতাপ পঢ়া দিৱস উপলক্ষ্যে শুনক ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীৰ আপোনাৰ প্ৰিয় কিতাপ । ব্ৰিটিছ কাউন্সিলৰ ডিজিটেল লাইব্ৰেৰীত দেখা পোৱাৰ দৰে ২০২০ চনৰ পৰা ২০২২ চনৰ আগষ্টলৈকে অডিঅ’ বুকৰ চাবস্ক্ৰিপচন ৪১ শতাংশ বৃদ্ধিৰ দ্বাৰা আণ্ডাৰলাইন কৰা হৈছে ৷
কিতাপৰ সৈতে আমাৰ সম্পৰ্ক অব্যাহত ৰখাৰ এক কল্পনাতীত উপায় হৈছে অডিঅ’বুক । খোজ কাঢ়িবলৈ ওলাই যোৱাই হওক, অফিচলৈ গাড়ী চলাই যোৱাই হওক, বা কোনো কাম চলাই থাকক, কিতাপ এখন শুনাটো এতিয়া বহু গ্ৰন্থপ্ৰেমীৰ বাবে পছন্দৰ বিষয় । ব্ৰিটিছ কাউন্সিল ডিজিটেল লাইব্ৰেৰীত ক্লাছিক গ্ৰন্থৰ পৰা আৰম্ভ কৰি নতুন কিতাপ, কল্পকাহিনী বা অ-কল্পকাহিনীলৈকে অডিঅ’বুকৰ এটা কিউৰেট সংগ্ৰহ কৰা আছে, যিবোৰ আপুনি যিকোনো ঠাইতে, যিকোনো সময়তে উপভোগ কৰিব পাৰে । গতিকে আপোনাৰ প্লেলিষ্ট নিৰ্মাণ কৰক, আপোনাৰ হেডফোন লগাওক আৰু আপোনাৰ প্ৰিয় লেখকসকলৰ ৰচনা শুনিবলৈ আৰম্ভ কৰক ।
ছাচপেন্সেৰে ভৰা থ্ৰিলাৰ প্ৰেমীসকলৰ বাবে প্ৰিয় আগাথা ক্ৰীষ্টিৰ"The Murder of Roger Ackroyd" । কৌতুহলী মনবোৰ সদায় নতুন আৰু আকৰ্ষণীয় কিবা এটাৰ ওপৰত থাকে । থ্ৰিলাৰ ছাচপেন্সেৰে ভৰা এই উপন্যাসখনৰ কথন শুনিলে আপুনি এখন অন্য জগতত সোমাই পৰিব । সৰ্বকালৰ অন্যতম বেষ্ট চেলাৰ লেখকৰ এই উপন্যাসখনক অন্যতম ৰহস্যময় উপন্যাস হিচাপে গণ্য কৰা হয় ৷ এই উপন্যাসখনত ব্লেকমেইল আৰু হত্যাকাণ্ডৰ সৈতে জড়িত এক বিভ্ৰান্তিকৰ থ্ৰিলাৰ পটভূমি আছে ।