বৰ্তমান সময়ত প্ৰায় মানুহ আক্ৰান্ত ডায়েবেটিছ ৰোগত ৷ এইটো এনেকুৱা এটা বেমাৰ যিটোৰ পৰা সম্পূৰ্ণকৈ পৰিত্ৰাণ পোৱাটো কঠিন অথবা অসম্ভৱ ক’লেও ভুল নহ’ব ৷ কিন্তু ডায়েবেটিছ ৰোগ একেবাৰে নিৰাময় কৰিব নোৱাৰিলেও ইয়াক নিয়ন্ত্ৰণত ৰাখিব পৰা যাব ৷ ইয়াৰ বাবে ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিব লাগিব । খাদ্য খোৱাৰ ক্ষেত্ৰত অলপ অসাৱধানতাই তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ডায়েবেটিছ ৰোগীয়েও খাদ্যভ্যাসৰ লগতে ব্যায়াম কৰিব লাগে । চিকিৎসকে ডায়েবেটিছ ৰোগীক কম চৰ্বিযুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে ।
ডায়েবেটিছ ৰোগীয়ে দুগ্ধজাত সামগ্ৰীৰ প্ৰতি প্ৰায়ে সন্দেহ কৰে যে গাখীৰ বা ইয়াৰ পৰা তৈয়াৰী বস্তুবোৰ তেওঁলোকৰ স্বাস্থ্যৰ বাবে উপকাৰী নেকি অপকাৰী । এই বিভ্ৰান্তিৰ বাবে একাংশ লোকে গাখীৰ নাখায় । কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে গাখীৰ উপকাৰী নে অপকাৰী সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷
গাখীৰত থাকে চৰ্বি
গাখীৰত চৰ্বিৰ পৰিমাণ বেছি থাকে । গাখীৰৰ ফলত হয় ডায়েবেটিছ হ’ব বা গাখীৰ ফলত ডায়েবেটিছ বৃদ্ধি পাব এই কথাৰ কোনো আনুষ্ঠানিক তথ্য বা প্ৰমাণ নাই । কিন্তু অত্যধিক পৰিমাণৰ চৰ্বিয়ে ডায়েবেটিছ ৰোগীৰ ক্ষতি কৰিব পাৰে । গতিকে প্ৰশ্ন হয় এনে ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে সঁচাকৈয়ে গাখীৰ ত্যাগ কৰি লাগে নেকি ?