কণীত কলিন আৰু লুটিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে । যিয়ে আপোনাক বহু ৰোগৰ পৰা ৰক্ষা কৰে, লগতে মনটোক সুস্থ কৰি ৰাখে । কণীৰ কুহুম অৰ্থাৎ ইয়াৰ হালধীয়া অংশত বায়’টিন থাকে, যিটো সুস্থ ছাল, চুলি আৰু নখৰ লগতে ইনচুলিন উৎপাদনৰ বাবেও অতি প্ৰয়োজনীয় । দৰাচলতে কণীত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিবোৰ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী চৰ্বি(is egg yolk good for diabetes)।
আগতে কণী খোৱাটো ডায়েবেটিছ আৰু হৃদৰোগীৰ বাবে উপযুক্ত বুলি গণ্য কৰা হোৱা নাছিল কাৰণ ইয়াত অত্যধিক কলেষ্টেৰল থাকে কিন্তু তথাপিও ই তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি নকৰে কাৰণ কণীত ভাল কলেষ্টেৰল পোৱা যায়(Are Eggs Good For Diabetes)। তথাপিও হৃদৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ মতেহে কণী খাব লাগে(Can a diabetic patient eat egg)।
ডায়েবেটিছ ৰোগীৰ বাবে কণীৰ উপকাৰিতা
যদি ডায়েবেটিছ ৰোগীয়ে সীমিত পৰিমাণত কণী খায় তেন্তে ই কোনো কাৰণতে ক্ষতিকাৰক নহয়(How many eggs can Diabetics have a day)। গৱেষণাৰ মতে কণীৰ গ্লাইচেমিক পৰিমাণ কম থাকে, যাৰ বাবে ইয়াক খোৱাৰ ফলত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে(eggs blood sugar killer)। ডায়েবেটিছত কণী খোৱাৰ ফলতো তেজত শৰ্কৰাৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব পাৰে ।
এই সন্দৰ্ভত চিকিৎসকে কয় যে, কণী খোৱাৰ ফলত ওজন কমোৱা আৰু নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে । যদি কাৰোবাৰ হাই ব্লাড চুগাৰৰ সমস্যা হয়, তেন্তে তেওঁলোকে নিজৰ ওজনৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে । ইয়াৰ উপৰিও কণী খোৱাটো চেনি ৰোগীৰ বাবে আন বহু দিশত উপকাৰী, যেনে-