অসম

assam

ETV Bharat / sukhibhava

আপোনাৰ মাজনিশা চাহ খোৱাৰ অভ্যাস আছে নেকি ?

Tea at Midnight: শীতকালত চাহ খোৱাৰ হেঁপাহ যথেষ্ট বৃদ্ধি পায় ৷ দিনটো চাহেৰে আৰম্ভ কৰাৰ লগতে বিচনাত উঠাৰ পূৰ্বেও চাহ একাপ খাবলৈ মন আমাৰ মন যায় ৷ এনে পৰিস্থিতিত প্ৰশ্ন হয় যে ৰাতি চাহ খোৱাটো আমাৰ বাবে উচিত নে ?

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:28 PM IST

Is it okay to drink tea at midnight?
আপোনাৰ মাজনিশা চাহ খোৱাৰ অভ্যাস আছে নেকি ?

শীতকালত চাহ খোৱাৰ হেঁপাহ যথেষ্ট বৃদ্ধি পায় ৷ দিনটো চাহেৰে আৰম্ভ কৰাৰ লগতে বিচনাত উঠাৰ পূৰ্বেও চাহ একাপ খাবলৈ মন যায় ৷ এনে পৰিস্থিতিত প্ৰশ্ন হয় ৰাতি চাহ খোৱাটো উচিত নে ? আহক আজি এই বিষয়ে জানি লও-

শীতকালৰ মাজনিশা চাহ খোৱাৰ ফলত হ’ব পাৰে এই সমস্যা

এচিডিটিৰ সমস্যা

যদি কোনো ব্যক্তিয়ে শীতকালত ৰাতি চাহ খায় তেন্তে তেওঁৰ অভ্যাস সলনি কৰিব লাগে কাৰণ প্ৰতিদিনে মাজনিশা চাহ খালে এচিডিটিৰ সমস্যা হ’ব পাৰে ৷ চাহ খোৱাৰ ফলত পেটত এচিডিটি হয়, যাৰ ফলত হাৰ্টবাৰ্ণ হ’ব পাৰে ৷

মানসিক চাপ বৃদ্ধি পায়

প্ৰতি নিশা চাহ খালে মানসিক চাপ বৃদ্ধি পাব পাৰে ৷ চাহত পোৱা কেফেইনৰ বাবে এজন ব্যক্তিয়ে গভীৰ নিশালৈকে টোপনি যাব নোৱাৰে ৷ একে সময়তে বহু সময় সজাগ হৈ থকাটোৱে মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায় ৷

হজম শক্তি বেয়া হোৱা

প্ৰতিদিনে ৰাতি চাহ খালে পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয় ৷ শীতকালত মাজনিশা চাহ খালে পেটত গেছ গঠন আৰু পেট ফুলাৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে ৷ ইয়াৰ লগতে হজম শক্তিতো বিৰূপ প্ৰভাৱ পৰে ৷

অস্বস্তি অনুভৱ কৰা

প্ৰতিদিনে ৰাতি চাহ খালে স্বাস্থ্যৰ অৱনতি হয় ৷ মাজনিশা চাহ খালে অস্থিৰতাৰ সৃষ্টি হয় ৷ গাখীৰৰ লগত চাহ খোৱাৰ বাবে শৰীৰত টেনিনৰ পৰিমাণ বৃদ্ধি পায়, যিটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷

অনিদ্ৰাৰ সমস্যা

দৈনিক মাজনিশা চাহ খালে অনিদ্ৰা হব পাৰে ৷ ৰাতি অনিদ্ৰাৰ স্থায়ী সমস্যাই সামগ্ৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় ৷ ইয়াৰ ফলত আন বহুতো সমস্যা যেনে মূৰৰ বিষ, মানসিক চাপ, উদ্বেগ আদিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:আপোনাৰ শিশুটিক কৰ’নাৰ নতুন ভেৰিয়েন্টৰ পৰা সুৰক্ষিত ৰাখিব বিচাৰে নেকি ? তেন্তে গ্ৰহণ কৰক এইসমূহ পদ্ধতি

ABOUT THE AUTHOR

...view details