আমাৰ মাজৰ বেছিভাগেই পুৱাৰ আৰম্ভণি একাপ চাহ নাইবা কফিৰ সৈতে কৰে ৷ এইসকল লোকে চাহ বা কফি একাপ নোপোৱালৈকে তেওঁলোকৰ দিনটো ভালকৈ নাযায় বুলিও অনুভৱ কৰে৷ কিছুমান লোকে দিনটোত যদি একাপ ষ্ট্ৰং কফি খায় তেন্তে সকলো ভাগৰ নাইকিয়া হৈ যোৱা যেন অনুভৱ কৰে ৷ প্ৰতিটো উপলক্ষতে কফি খোৱাৰ অভ্যাস বহু লোকৰ আছে ৷ কিছুমান মানুহৰ বিশেষকৈ খোৱাৰ লগে লগে কফি খোৱাৰ অভ্যাস থাকে ৷
অৱশ্যে যদি আপোনাৰো যদি একেধৰণৰ অভ্যাস আছে, তেন্তে আজিয়েই এৰি দিয়ক ৷ হয়, খাদ্য খোৱাৰ লগে লগে চাহ বা কফি খালে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক জনাম খাদ্য খোৱাৰ পিছত চাহ বা কফি খোৱাৰ পাৰ্শ্বক্ৰিয়া কি ৷
হজম শক্তি নষ্ট কৰা
স্বাস্থ্য বিশেষজ্ঞৰ মতে, খাদ্য খোৱাৰ লগে লগে চাহ বা কফি খালে হজম শক্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰে ৷ খোৱাৰ পিছত কফি খালে পেটত এচিডৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত আমাৰ পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰে ৷ ইয়াৰ বাবে খাদ্যত থকা প্ৰ’টিন সঠিকভাৱে হজম নহয় ৷