অসম

assam

ETV Bharat / sukhibhava

Health Benefits of Napping: দিনত শুৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক ?

দিনত টোপনি যোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী নে অপকাৰী... মই নিশ্চিত যে আপোনালোকেও ইয়াৰ বিষয়ে জানিব বিচাৰিছে । গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো ।

Is it healthy to take a nap in the afternoon ?
দিনত শুৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক ?

By

Published : Mar 1, 2023, 12:16 PM IST

ভাল টোপনিৰ সৈতে আমাৰ স্বাস্থ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে । মেদবহুলতা, মানসিক চাপ, হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ পৰা আঁতৰি থাকিবলৈ বিশেষজ্ঞসকলে ৭ৰ পৰা ৮ ঘণ্টা টোপনিৰ পৰামৰ্শ দিয়ে । কিন্তু দিনত শুৱাটো আমাৰ বাবে উচিত নে অনুচিত সেয়া বহুতৰে মনত এটা প্রশ্ন উদয় হয় এই সন্দৰ্ভত বহু গৱেষণাও কৰা হৈছে(Is it good to take a nap in afternoon?)।

সেই গৱেষণাৰ মতে, দুপৰীয়া দীঘলীয়া টোপনি লোৱাৰ পৰিৱৰ্তে ১০ মিনিটৰ টোপনি সকলো দিশৰ পৰাই স্বাস্থ্যৰ বাবে উপকাৰী(Health Benefits of Napping)। দিনটোত ১০-১৫ মিনিট শুই থাকিলে বহু উপকাৰ পোৱা যায়(Is 1 hour nap in the afternoon Good?)।

দিনত শুৱাৰ উপকাৰিতা

  • দিনটোত ১০ মিনিট টোপনি খালে আপুনি সতেজ অনুভৱ কৰে
  • স্মৃতিশক্তি বৃদ্ধি পায়
  • ভাগৰ নোহোৱা হয়
  • শৰীৰৰ শক্তি বৰ্তি থাকে
  • চিন্তা, বুজা আৰু শিকিব পৰা ক্ষমতা বাঢ়ি যায়
  • ৰক্তচাপ স্বাভাৱিক হৈ থাকে
  • দিনত যদি আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰে, তেন্তে ইয়াক আঁতৰাবলৈ টোপনি গ্ৰহণ কৰিব পাৰে ৷

দিনত কিমান টোপনি মাৰে

মনত ৰাখিব যে দিনটোত বেছিকৈ টোপনি মাৰিলে স্বাস্থ্যৰ বাবে উপকাৰী নহয় । বেছি সময় শুই থাকিলে এলেহুৱা অনুভৱ হয় । একো কৰিবলৈ মন নাযায় আৰু ৰাতিও ভালদৰে টোপনি নাহে । গতিকে শৰীৰটো ৰিচাৰ্জ কৰিবলৈ মাত্ৰ ১০ মিনিটৰ টোপনিয়েই যথেষ্ট ।

দিনত কেতিয়া শুব লাগে

দুপৰীয়াৰ আহাৰ খোৱাৰ এঘণ্টা বা দুঘণ্টাৰ পিছত দুইৰ পৰা তিনি বজালৈ টোপনি যোৱাৰ উত্তম সময় । এই সময়ত শৰীৰৰ শক্তি কমিবলৈ আৰম্ভ কৰে(Is it OK to take a 2 hour nap everyday?)।

দিনৰ টোপনি দূৰ কৰিবলৈ বেছিকৈ চাহ বা কফি সেৱন কৰাটো ভুল । অৱশ্যে চাহ-কফি খালে কিছু সময়ৰ বাবে আপোনাৰ মনটো ভাল হ’ব পাৰে, কিন্তু কিছু সময়ৰ পাছত আপুনি আকৌ এলেহুৱা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে । তাৰ পৰিৱৰ্তে ১০ -১৫ মিনিট শুই অতি শক্তিশালী হৈ থাকিব পাৰে ।

লগতে পঢ়ক:Parenting Tips: শিশুৰ সৈতে খেলোতে কৰক এইবোৰ সৰু সৰু কাম, বৃদ্ধি পাব শিশুটিৰ আত্মবিশ্বাস

ABOUT THE AUTHOR

...view details