কিছু মাহৰ পিছত শীতকাল আহিবলৈ গৈ আছে ৷ পৰিৱৰ্তিত বতৰত শিশুৱে সহজেই চৰ্দি আৰু কাহত আক্ৰান্ত হয় ৷ দৰাচলতে উষ্ণতা বৃদ্ধি বা হ্ৰাসৰ বাবে বতৰ গৰম বা ঠাণ্ডা হৈ থাকে ৷ যেতিয়া আমাৰ শৰীৰৰ উষ্ণতা এই পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱিত হয় তেতিয়া ঠাণ্ডাৰ সম্ভাৱনা বাঢ়ি যায় ৷ শিশুসকলে এই সমস্যাত ভুগিবলগীয়া হোৱাৰ সম্ভাৱনা বেছি কাৰণ তেওঁলোক সহজেই বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে দুৰ্বল হৈ পৰে ৷ পিতৃ-মাতৃয়ে লগে লগে সন্তানক চিকিৎসকে দিয়া ঔষধ দি সমস্যাৰ পৰা সকাহ লাভ কৰে ৷
কিন্তু বিশ্বাস কৰা হয় যে, চৰ্দিৰ পিছত কিছু সময়ৰ বাবে ঔষধ বা এন্টিবায়’টিকৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় ৷ চৰ্দি হ’লে তৎক্ষণাত ঔষধ খোৱাটো উচিত নে চৰ্দিৰ সময়ত শিশুক কিমান সময়ত ঔষধ দিব লাগে সেই বিষয়ে বিশেষজ্ঞৰ জৰিয়তে জানি লওক-
চৰ্দিৰ কাৰণ
চিকিৎসকে কয় যে, চৰ্দিৰ সমস্যা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয় ৷ ইয়াত আমাৰ নাসিকা গ্ৰন্থিত সমস্যাৰ সৃষ্টি হয় আৰু অহৰক নাকেৰে পানী ব’বলৈ আৰম্ভ কৰে ৷ বিশেষজ্ঞসকলে কয় যে, নাকৰ ফেৰিঞ্জাইটিছ আৰু লেৰিঞ্জাইটিছ ফুলি উঠে যাৰ ফলত অহৰহ হাঁচি আৰু শ্লেষ্মাৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে ৷ যদি কাৰোবাৰ এই সমস্যা সঘনাই হয়, তেন্তে তেওঁ চাইনাছ পৰীক্ষা কৰাব লাগে ৷
কেতিয়া ঔষধ খোৱা উচিত ?