নেমুপানী স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ওজন হ্ৰাস কৰাৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰালৈকে, ই শৰীৰক বহুতো লাভালাভ প্ৰদান কৰে ৷ কিন্তু যদি ইয়াক সঠিক পৰিমাণত খোৱা নহয়, তেনেহ'লে ইয়াৰ আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷ বিশেষকৈ খালী পেটত নেমু পানী খোৱাটো স্বাস্থ্য পক্ষে অত্যন্ত হানিকাৰক ৷ খালী পেটত নেমুপানী খোৱাৰ ফলত স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে, আজি জানো আহক-
হাড়ৰ ক্ষতি
ৰাতিপুৱা খালী পেটত নেমুপানী খালে হাড়ৰ ক্ষতি হয় ৷ খালী পেটত খোৱা নেমু পানীয়ে হাড়ত থকা তেল হ্ৰাস কৰে ৷যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে ৷
দাঁতৰ ক্ষতি
খালী পেটত নেমু পানী খালে দাঁতৰ ক্ষতি হ'ব পাৰে ৷ নেমুৰ এচিডিক গুণাগুণ আছে, যাৰ ফলত ই দাঁতৰ এনামেল ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷
ডিহাইড্ৰেচন
নেমু পানী ৰাতিপুৱা খোৱাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাও হ'ব পাৰে ৷ নেমুত উচ্চ পৰিমাণত এস্কৰ্বিক এচিড পোৱা যায়, যিয়ে বৃক্কত প্ৰস্ৰাৱৰ উৎপাদন বৃদ্ধি কৰিবলৈ কাম কৰে ৷ সেয়েহে ইয়াক সন্তুলিত পৰিমাণত ব্যৱহাৰ কৰিব লাগে ৷